পাকিস্তানক পাঁচ উইকেটত পৰাজিত কৰি দ্বিতীয় বাৰলৈ টি-২০ বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে টিম ইংলেণ্ডে।চেম কুৰানৰ সুন্দৰ বলিংৰ লগতে বেন ষ্টোকছৰ অপৰাজিত অৰ্ধশতকৰ সহায়ত ইংলেণ্ডে এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । ইংলেণ্ডৰ বেগী বলাৰ কুৰান আৰু লেগ স্পীনাৰ আদিল ৰাছিদে পাকিস্তানী বেটাৰ সকলক কম ৰানতে ইনিংছ সামৰিবলৈ বাধ্য কৰালে। যত পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সক্ষম হয় ।১৩৮ ৰানৰ লক্ষ্য দিয়ে যদিও ইংলেণ্ডেকো পাকিস্তানী বলাৰ সকলে চাপৰ মাজত ৰাখে ।কিন্তু শ্বাহিন শ্বাহ আফ্ৰিদিয়ে ২.১ অভাৰত ১৩ ৰান দি এটা উইকেট লাভ কৰে যদিও আঘাত প্ৰাপ্ত হোৱা বাবে তেওঁ খেল পথাৰ ত্যাগ কৰে।ইংলেণ্ডৰ আৰম্ভণি ভাল নাছিল যদিও ষ্টোকছে ৪৯ টা বলত ৬ টা চাৰি আৰু এটা ছয়ৰে অপৰাজিত ৫১ ৰানৰ সহায়ত ইংলেণ্ডে এটা অভাৰ বাকি থকা অৱস্থাত পাঁচ উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয় ।