ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা

Share

এইবাৰ আৰক্ষীৰ গুলীত নিহত বিহাৰৰ প্ৰফেশ্যনেল কিলাৰ মোহন কুমাৰ,অসমৰ বিভিন্ন অপৰাধ জনিত কামত জড়িত আছিল মোহন কুমাৰ।লামডিঙৰ অৱসৰপ্ৰাপ্ত ৰেল কৰ্মচাৰীক গুলীওৱা ঘটনাৰ সৈতে জড়িত অপৰাধত মোহন কুমাৰক নিউ বঙাইগাওঁ ৰেলষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰে ৰেলৱে আৰক্ষীয়ে আৰু যোৱাকালি হোজাই আৰক্ষীৰ এটা দলে বঙাইগাওঁত উপস্থিত হৈ  ৰেলৱে আৰক্ষীৰ পৰা হোজাই আৰক্ষীয়ে নিজৰ জিম্মাত লয়।জানিব পৰা মতে নিশাৰ ভাগত মোহন কুমাৰক লগত লৈ লামডিঙত উপস্থিত হয় আৰক্ষীৰ দলটোৱে।নিশাৰ ভাগত জেৰা চলায় আৰক্ষীয়ে।মোহন কুমাৰৰ ভিত্তিত লামডিঙত অভিযান চলাই ৰাস্তাৰ দাঁতিত লুকুৱাই থোৱা অস্ত্ৰ দেখাবলৈ গৈ মোহনে আৰক্ষীক গুলী চালনা কৰিবলৈ উদ্যত হয়।প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলী চালনা কৰাত গুৰতৰভাৱে আহত হয় মোহন।পৰৱৰ্তী সময়ত মোহনক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।ইপিনে মোহনে লুকুৱাই থোৱা দুটা হস্ত নিৰ্মিত বন্দুক আৰু এটা পইণ্ট থ্ৰী টু পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *