মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাৰ মূৰত পুনৰ মাধ-মাৰ সোধাইছে বৰ্ধিত বিদ্যুৎ মাচুলে। ২০২২ বৰ্ষৰ অন্তিমটো সপ্তাহত ৰাজ্যত পুনৰ বৃদ্ধি পাইছে বিদ্যুৎৰ মাচুল। প্ৰতি ইউনিট বিদ্যুৎত ৩০ পইচাকৈ বৃদ্ধি পাইছে মাচুল। ৯ ডিচেম্বৰত এ পি ডি চি এলে জাৰী কৰিছিল এই জাননী। নতুন মিটাৰ সংযোগৰ বাবে সংঘটিত হোৱা বিদ্যুৎ মাচুলৰ বিসংগতিৰ বাবে হাৰা-শাস্তি ভুগিছিল জনতাই। সেই ঘটনা সম্পূৰ্ণ ৰূপে শেষ নহওতেই পুনৰবাৰ বৃদ্ধি কৰা হ’ল বিদ্যুতৰ মাছুল ।
উল্লেখ্যনীয় যে, নৱেম্বৰত এ পি ডি চি এল য়ে ৭৯ পইচাকৈ মাচুল বৃদ্ধি কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত এই ঘোষণা প্ৰত্যাহাৰ কৰা হৈছিল কিন্তু ডিচেম্বৰৰ পৰা প্ৰযোজ্য হ’ব অতিৰিক্ত মাচুল। প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি পালে বিদ্যুৎ মাচুল। ইন্ধন আৰু শক্তি ক্ৰয়ৰ জোৰা মাৰিবলৈ বৃদ্ধি কৰা হৈছে এই মাছুল ।
আনহাতে, যি সময়ত আঁচনিসমূহে ৰাজ্যবাসীক কৰ্ম-বিমুখ কৰি তুলিছে সেই একে সময়তে বিদ্যুৎ মাচুলেও চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক।