আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন

Share
আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন। কটকটীয়া নিৰাপত্তাৰ অধীনত আজি পূৱা ৮ বজাৰ পৰা উত্তৰ কাছাৰত নিৰ্বাচন অনুষ্ঠিত হয়। পূৱাৰে পৰা বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। আজিৰ পৰিষদীয় নিৰ্বাচনত মুঠ ৮৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব বেলেট বাকচত। ইয়াৰে বিজেপিৰ ২২ গৰাকী, কংগ্ৰেছৰ ২২ গৰাকী, তৃণমূল কংগ্ৰেছৰ ১১ গৰাকী, আপৰ ৪ গৰাকী আৰু নিৰ্দলীয় ২৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ভোটবাকচত বন্দী কৰা হ’ব। প্ৰায় ১ লাখ ৪১ হাজাৰ ১২৪ গৰাকী ভোটাৰে আজি ৮৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।
উল্লেখযোগ্য উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ ২৮ টা সমষ্টিৰ ভিতৰত ২২ টা পৰিষদীয় সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হৈছে। ইতিমধ্যে পৰিষদৰ ৬ টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাত জয়লাভ কৰিছে। এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ১২ জানুৱাৰীত।

Leave a Reply

Your email address will not be published. Required fields are marked *