পশ্বিমবংগৰ তৃনমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীলৈ চমন প্ৰেৰণ কৰিলে বলৱতকাৰী সঞ্চালকালয় (ইডি)য়ে ৷ পশ্চিমবংগত সংঘটিত হোৱা এক শিক্ষক নিযুক্তি কেলেংকাৰিৰ গোচৰৰ ভিত্তিত সেধা-পোচাৰ বাবে অভিষেক বেনাৰ্জীক অহা ৯ অক্টোবৰত ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কয় ৷
তদন্তকাৰী সংস্থাটোৰ এগৰকী বিষয়াই জনোৱামতে বিদ্যালয়ৰ শিক্ষক নিযুক্তি কেলেংকাৰীৰ অভিযোগৰ ভিত্তিত অহা ৯ অক্টোবৰত অভিষেকক আৰু ১১অক্টোৱৰত তেওঁৰ পত্নী ৰ’জিৰাক জেৰা চলোৱা হ’ব ৷ দুয়োগৰাকীকে চি.জি.অ’ কমপ্লেক্সত থকা আমাৰ কাৰ্যালত হাজিৰ হ’বলৈ কোৱা হৈছে ৷ সংস্থাটোৰ বিষয়াগৰকীয়ে জনোৱামতে সেই একেটা অভিযোগৰ ভিত্তিতে সাংসদ অভিষেক বেনাৰ্জীৰ পৃত্ৰি-মাতৃকো ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছিল ৷ ইফালে অভিষেক বেনাৰ্জীলৈ অহা ইডিৰ চমনৰ পাছত তৃণমূল কংগ্ৰেছৰ মখপাত্ৰ কুনাল ঘোষে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৰি কয় যে-‘আমাৰ প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰাৰ লক্ষ্যৰে প্ৰতিবাদৰ পূৰ্বে অভিষেক বেনাৰ্জীলৈ চমন প্ৰেৰন কৰা হৈছিল ৷
সকলো কৌশল অৱলম্বন কৰি প্ৰতিবাদ ৰোধ কৰিব নোৱাৰাৰ পিছত এতিয়া তেওঁলোকে এনে লেতেৰা কৌশলৰ আশ্ৰয় লৈছে ’৷ জানিব পৰামতে যোৱা ২ আৰু ৩ অক্টোবৰত তৃণমূল কংগ্ৰেছে ৰাজধানী নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৰা এক প্ৰতিবাদত তৃণমূল কংগ্ৰেছৰ নেতাসকলক আটক কৰা হৈছিল ৷