প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যত পুনৰ ভুঁইকপৰ জোকাৰণি। ১০.১৭ মিনিটত অনুভূত হয় এই জোকাৰণিৰ । ৰিখ্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য ৪.৬ । ভূঁইকপৰ কেন্দ্ৰবিন্দু হৈছে বাংলাদেশৰ ছিলেট । অসমৰ লগতে বাংলাদেশতো অনুভূত হৈছে জোকাৰণিৰ । গুৱাহাটী মহানগৰকে ধৰি উজনি পৰা নামনিলৈ সকলোতে জোকাৰি গৈছে ভূঁইকপৰ কম্পনে।
সমগ্ৰ দেশতে সঘনাই হৈ থকা প্ৰাকৃতিক দুৰ্যোগৰ বিপৰ্য্যৰ মাজতে ভুঁইকপৰ জোকাৰণিয়ে এতিয়া চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে । আজি পুৱা ১০.১৭ মিনিটত বাংলাদেশকে ধৰি সমগ্ৰ ৰাজ্যতে এই কম্পন অনুভূত হোৱা পৰিলক্ষিত হৈছে।