বানপানীৰ সময়ত কংগ্ৰেছৰ সভাত মানুহ হিচাপ কৰাতকৈ ক’ত ক’ত বানপানী হৈছে সেয়া খবৰ কৰাটো বেছি দৰকাৰীঃগৌৰৱ গগৈ

Share

বানপানীৰ সময়ত কংগ্ৰেছৰ সভাত কিমান মানুহ হৈছে নাই হোৱা সেইটো হিচাপ কৰাতকৈ ক’ত ক’ত বানপানী হৈছে ক’ত ক’ত মথাউৰি ছিঙিছে সেৱা খৱৰ লোৱাটো বেছি গুৰুত্বপূৰ্ণ।বিজেপি তথা মন্ত্ৰী পীযুজ হাজৰিকাক এনেদৰে উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে।সাংসদ গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছতে উজনি অসমৰ বিভিন্ন জিলাত উপস্থিত হৈ দলীয় কৰ্মীৰ সৈতে মত-বিনিময় কৰিছে।কংগ্ৰেছৰ এই সভাক লৈ মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিল য’ত তেওঁ গৌৰৱ গগৈক উদ্দেশ্যি কেইবাটাও মন্তব্য কৰিছিল।কংগ্ৰেছৰ সভাত কিমান মানুহ হ’ব তাৰো আনুমানিক তথ্য শ্বেয়াৰ কৰিছিল।পীযুষ হাজৰীকাৰ এই পোষ্টৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে বিজেপি দল আৰু মন্ত্ৰীগৰাকীক উভতি ধৰে।তেওঁ লগতে চৰকাৰক মূল্যবান সময় অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই তেওঁ কয়,”বৰ্তমান সময়ছোৱাত য’ত গুৱাহাটীত কৃত্ৰিম বানত তেওঁলোকে মানুহৰ সমস্যা সমাধান কৰিব পৰা নাই।আজি নিজৰ কাম কৰাতকৈ, ৰাইজৰ কাম কৰাতকৈ কংগ্ৰেছ দলটোক শত্ৰু হিচাপে গ্ৰহণ কৰি তেওঁলোকে নিজৰ মূল্যবান সময় আৰু শক্তি ক্ষয় কৰি আছে।”

উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক আদৰিবলৈ যোৰহাটৰ লগতে নগাঁৱৰ ৰাজপথতো শ শ লোকে ভিৰ কৰে।পূৰ্বনিৰ্ধাৰিত সময়ত উপস্থিত হ’ব নোৱাৰিলেও গৌৰৱ গগৈক উষ্ম আদৰণি জনালে কংগ্ৰেছ কৰ্মী তথা সমৰ্থকে।একপ্ৰকাৰ কলিয়াবৰৰ ৰাজপথ গৌৰৱময় হৈ পৰে।শিৱসাগৰৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰাপথত গৌৰৱ গগৈয়ে কলিয়াবৰৰ কংগ্ৰেছ নেতা-কৰ্মীসকলক সাক্ষাৎ কৰি এনে গধুৰ দায়িত্ব পালন কৰিবলৈ সকলোৰে সহায়-সহযোগ আৰু সমৰ্থন বিচাৰে।কলিয়াবৰ তিনিআলিত সমবেত হোৱা শোণিতপুৰ,নগাঁও,গোলাঘাট, যোৰহাট,শিৱসাগৰৰ সমৰ্থকসকলৰ এই অভূতপূৰ্ব সমৰ্থনত অভিভূত হৈ পৰে গৌৰৱ গগৈ।উপস্থিত নেতা-কৰ্মী তথা সমৰ্থকসকলক সম্বোধন কৰি তেওঁ কয়,”ৰাইজে যিদৰে আমাক বিশ্বাস কৰিছে,ভৰসা কৰিছে,তাৰ লগত আমি বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ।আমাৰ হাতত সময় কম,প্ৰতিদিন ২৪ ঘণ্টা কষ্ট কৰি সমাগত নিৰ্বাচনৰ বাবে আমি সাজু হ’ব লাগিব।সকলোকে একেলগে লৈ আগবাঢ়িব লাগিব ।”

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ উল্লেখযোগ্য পদ লাভ কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি কৌশলী মন্তব্যৰে গৌৰৱ গগৈয়ে কয়, “আজি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।যিদৰে যোৱা দুই তিনি বছৰৰ পৰা আমাক লৈ তেওঁ ব্যস্ত হৈ পৰি অসমৰ জনসাধাৰণৰ সমস্যা পাহৰি গৈছে।সমষ্টিৰ সীমা নিৰ্ধাৰণ আৰু যোৰহাট লোকসভা সমষ্টিৰ প্ৰচাৰ আৰু এতিয়া যি এক কাল্পনিক কাহিনী চলাই আছে৷সেই লৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে এক বাৰ্তা লাভ কৰিলে।যাৰ বাবে আমাৰো ওপৰত এক গধুৰ দায়িত্ব অৰ্পণ কৰিছে।এই গধুৰ দায়িত্ব দিয়াৰ বাবে মই মুখ্যমন্ত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।

   

Leave a Reply

Your email address will not be published. Required fields are marked *