দুৰ্গা পূজাৰ সন্দৰ্ভত আজি নতুন SOP ঘোষণা কৰিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

Share

কবিতা দেৱী , ১৫ ছেপ্টেম্বৰঃ ৰাজ্যত শেহতীয়াকৈ কিছু উন্নত হৈছে কোভিড পৰিস্থিতি। ফলল দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ এক পৰিবেশ আহি পৰিছে। ৰাজ্য চৰকাৰেও ইতিমধ্যে পূজা আয়োজনৰ সেউজ সংকেট প্ৰদান কৰিছে। কিন্তু ৰাইজে দুৰ্গা পূজা চাবলৈ যাওতে মানিব লাগিব কিছু নীতি নিৰ্দেশনা। সেইদৰে পূজাৰ আয়োজক কমিটীয়েও নিয়ম নীতিৰ মাজেৰে দুৰ্গা পূজাৰ আয়োজন কৰিব লাগিব।

আজি প্ৰকাশ পাব দুৰ্গা পূজাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিবলগীয়া নতুন SOP। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। 

সীমিত সংখ্যক ভক্তৰ উপস্থিতিত দুৰ্গা পূজা আয়োজনৰ পৰামৰ্শ দিব পাৰে। আয়োজক কমিটীৰ কোভিড পৰীক্ষা অথবা কোভিড ভেকচিন গ্ৰহণৰৰ সন্দৰ্ভতো কেত বোৰ সিদ্ধান্ত থাকিব পাৰে। মাস্ক, চেনিটাইজাৰ, সামাজিক দুৰত্ব আদি মানি চলাৰ নিৰ্দেশনা জাৰি কৰিব পাৰে। নিশা নিৰ্দিষ্ট সময়ৰ ভিতৰত পূজা শেষ কৰাৰো নিৰ্দেশনা থাকিব পাৰে।ৰাজহুৱা সমদল, শোভাযাত্ৰাত থাকিব পাৰে নিষেধাজ্ঞা। দশমীৰ দিনা বিসৰ্জনৰ বাবে বিশেষ নিৰ্দেশনা থকাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *