ইউনুছ আলী,১১ ছেপ্তম্বৰঃ দূৰ্গা পূজা আহিবলৈ মাজত আৰু কেইটামান দিন বাকী থাকতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত সাংবাদিকৰ আগত এই কখা প্ৰকাশ কৰে যে অসমত এইবাৰ দূৰ্গা অনুষ্ঠিত কৰা হব। কিন্তু কভিড নীতি-নিয়ম মানি পূজা অনুষ্ঠিত কৰিব লাগিব। এই সন্দৰ্ভত অতি সোনকালে ৰাজ্যৰ স্বাস্থ্য বিভাগে নীতি নিৰ্দেশনা জাৰি কৰিব।
ৰাজ্যবাসীয়ে যিদৰে ৰঙালী বিহু উদাপন কৰিলে ঠিক সেইদৰে দুৰ্গা পূজাও উদাপন কৰিব পাৰিব বুলি জনাই মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে সতৰ্কতাৰে পূজা উদাপন কৰিলে একো সমস্যাৰ সৃষ্টি নহয়।