নিবেদিতা ভৰালী
গুৱাহাটী ৯ চেপ্তেম্বৰঃ এইবাৰ শাৰদীয় দুৰ্গা পূজা কভিড নীতি-নিয়ম মানি উদযাপন কৰাৰ কথা বুধবাৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- কভিড নীতি-নিয়ম মানি ১১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ উদযাপন কৰিব পাৰিব এইবাৰৰ দুৰ্গা পূজা। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ এই ঘোষনাৰ পাছতে আয়োজক কমিটি আনন্দিত হোৱাৰ লগতে শিল্পীসকলেও কিছু সকাহ লাভ কৰিছে।