ছেবাৰ গাফিলতিৰ কাৰণে ফাদিল হল বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত

Share

লক্ষ্যাধিক পৰীক্ষাৰ্থীৰ বছৰজোৰাৰ কষ্ট, উদ্বেগ, চিন্তা সকলোবোৰ তংগত উঠাই আকৌ এবাৰ পৰীক্ষা বাতিল কৰিলে ছেবাই। ১৩ মাৰ্চত হবলগীয়া আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা। কিন্তু মাজনিশা মোবাইলত ভাইৰেল হৈ পৰিছিল বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত।

দেওবাৰে নিশা সামাজিক মাধ্যমত সৰ্বত্ৰে বিয়পি পৰিছিল এখন প্ৰশ্নকাকত। সেইবাবেই এই পৰীক্ষা বাতিলৰ সিদ্ধান্ত লয় ছেবা কতৃপক্ষই। আজি ৯ বজাৰ পৰা হবলগীয়া পৰীক্ষাৰ বাবে শিক্ষাৰ্থী সকলে পূৰ্ণ প্ৰস্তুতি  চলাই থকাৰ সময়তেই দেওবাৰে নিশা ছেবাই দিলে পৰীক্ষা বাতিলৰ নিৰ্দেশ।অতি সোনকালেই অসম মাধ্যমিক শিক্ষা পৰিষদে বিজ্ঞানৰ পৰীক্ষাৰ বাবে পৰৱৰ্তী দিন ঘোষণা কৰিব বুলিও জনোৱা হয়।

দৰাচলতে চলিত বৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰম্ভণিৰ পৰাই খেলিমেলি হোৱা দেখা গৈছিল। ইংৰাজী পৰীক্ষাৰ সময়তো বহুতে প্ৰশ্নকাকত ফাদিল হোৱা বুলিও অভিযোগ কৰিছিল। কিন্তু শিক্ষামন্ত্ৰী গৰাকীয়ে কোনো প্ৰশ্নকাকত ফাদিল হোৱা নাছিল বুলি মন্তব্য কৰিছিল। আৰু তাৰপাছতে এইবাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হল। এতিয়া পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। অৱশ্যে এই পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হব সেয়া বৰ্তমানলৈ ছেবা কৰ্তৃপক্ষই জনোৱা নাই। ৰাজ্যখনৰ লাখ লাখ পৰীক্ষাৰ্থীয়ে এতিয়া চৰম অনিশ্চয়তাৰ সন্মুখীন হবলগীয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *