DSP হ’ল স্বৰ্ণজয়ী নয়নমণি শইকীয়া, মুখ্যমন্ত্ৰীয়ে নয়নমণি শইকীয়ালৈ ডিএছপি পদৰ নিযুক্তি পত্ৰ আগবঢ়ালে

Share
ডিজিটেল ডেস্কঃ কমনৱেল্থ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়া ডিএছপি পদত নিযুক্তি লাভ কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নয়নমণিক প্ৰদান কৰিলে উপ–আৰক্ষী অধীক্ষক পদৰ নিযুক্তি পত্ৰ। অসম চৰকাৰে নয়নমণিক দিব ৫০ লাখ টকা।
কমনৱেল্থ গেমছ ২০২২ত ল’নবলত স্বৰ্ণপদক অৰ্জন কৰি অসমলৈ শুনাম কঢ়িয়াই আনিছিল  নয়নমণি শইকীয়াই। ক্ৰীড়া পেঞ্চন দিৱস উপলক্ষে জনতা ভৱনত আয়োজিত অনুষ্ঠানত নয়নমণিক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *