ড° ননীগোপাল মহন্তই প্ৰকাশ কৰে ২০১৯ নহয় ১৯৫০ চনত আৰম্ভ হৈছিল যেতিয়া Illigel Immigration Expulion Act ১৯৫০ ত আৰম্ভ হৈছিল ।আজি জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাই ড° ননীগোপাল মহন্তৰ নতুন গ্ৰন্থ আধুনিক অসমৰ ৰাজনৈতিক ইতিহাস মুছলিম লীগৰ পৰা নাগৰিকত্ব আইন প্ৰকাশ কৰে।
শৰ্মাই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি অসমৰ ইতিহাস আৰু জাতীয়তাবাদৰ প্ৰসংগত মতামত ব্যক্ত কৰে।তেওঁ নাগৰিকত্ব সংশোধনী আইন ২০১৯ প্ৰসংগত মন্তব্য আগবঢ়ায় । তেওঁৰ মতে জাতীয় জীৱনৰ বিশ্লেষণেৰে ননীগোপাল মহন্তই এই কিতাপ লিখিছে। মহন্তই সাহসেৰে এই গ্ৰন্থ লিখা বুলি প্ৰকাশ কৰি শৰ্মাই কয় যে আমাৰ চৰকাৰৰ দিনত প্ৰচলিত প্ৰথাৰ বিপৰীতে গৈ নিজৰ চিন্তা প্ৰকাশ লাভ কৰিবলৈ আৰম্ভ কৰিছে।
মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ ইতিহাস দাসত্বৰ ইতিহাস নহয় । লগতে মুখ্যমন্ত্ৰীয়ে লাচিত বৰফুকনৰ লগত বাঘ হাজৰিকা আছিল নে নাই সেয়া ইতিহাস অধ্যয়নৰ বিষয় বুলি উল্লেখ কৰি লাচিত বৰফুকনৰ লগত বাঘ হাজৰিকা তুলনা কৰাটো ইতিহাসৰ বাদে আন একো নহয় বুলি প্ৰকাশ কৰে।মহন্তই কয় যে লাচিতৰ লগত জয়ন্তীয়া কছাৰী সকলো আছিল আমি কোনো সেনাৰ কথা নাপাতো কিন্তু কেৱল বাগ হাজৰিকা কথা আমি পাতো।
মুখ্যমন্ত্ৰীৰ মতে অসমীয়াৰ জাতীয়তাবাদ বিকশিত হৈছিল সনাতন আৰু দক্ষিণ পূবৰ সভ্যতাৰ দ্বাৰা। সেইয়ে অসমীয়াৰ জাতীয়তাবাদত সনাতনৰ প্ৰভাৱ অগ্ৰাহ্য় কৰিলে এই জাতীয়তাবাদ দুৰ্বল হৈ পৰিব। তেওঁ কয় যে কা অসমীয়াৰ জাতীয়তাবাদ সবল কৰাৰ বাবেহে অনা হৈছে বুলি কয়। আনহাতে ড° ননী গোপাল মহন্তই প্ৰকাশ কৰে। এই কিতাপখনত মুছলিম লীগৰ পৰা NRC কেনেকৈ আৰম্ভ হৈছিল সেই কথা সন্নিৱিষ্ট কৰা হৈছে। কা কেতিয়া আৰম্ভ হৈছিল সেই বিষয়ে উল্লেখ আছে।