সামাজিক মাধ্যমত কিছুদিন ধৰি চৰ্চাত আছে এগৰাকী মহিলা।ৰাইজৰ দলৰ প্ৰাক্তন মুখপাত্র তথা মহাবিদ্যালয়ৰ অধ্যাপিকাৰ চাকৰি ত্যাগ কৰি ৰাজনীতিত খোজ দিয়া ড৹ জ্ঞানশ্ৰী বৰাই ৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ছয়মাইল লিলি হোটেলত অনুষ্ঠিত যোগদান কাৰ্যসূচীত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত পুনৰ ৰাইজৰ দলত যোগদান কৰে।জ্ঞানশ্ৰী বৰা গোৱালপাৰা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত ২০২৩ চনৰ জুন মাহৰ পৰা অধ্যাপিকা পদত আছিল,মঙলবাৰে অধ্যাপিকাৰ দৰে মহান কামৰ পৰা অব্যাহতি ল’লে জ্ঞানশ্ৰী বৰাই।পূৰ্বেও ৰাইজৰ দলত সক্ৰিয় ভূমিকা পালন কৰিছিল তেখেতে।
বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়-“এইয়া জ্ঞানশ্ৰীৰ এক বৈপ্লৱিক সিদ্ধান্ত।নির্বাচন খেলাৰ মানসেৰে নহয় সমাজৰ, ৰাইজৰ বাবে কাম কৰিবলৈ আহিছে জ্ঞানশ্রী।যি উচ্চ শিক্ষিত মানুহে শাসনৰ ৰাজনীতিলৈ সোমাব নোখোজে, তেন্তে এচাম অধম মানুহৰ শাসনৰ তলত থাকিবলৈ তেওঁলোক সদায় প্রস্তুত থাকক।ড৹ জ্ঞানশ্ৰী বৰাৰ যোগদানে আজি প্লেটোৰ এইষাৰ কথাকেই মনত পেলাই দিছে।আজি ৰাইজৰ দলত পুনৰ আনুষ্ঠানিকভাৱে যোগদান কৰিলে জ্ঞানশ্ৰী বৰাই।অধ্যাপিকাৰ দৰে চৰকাৰী চাকৰি ত্যাগ কৰি জাতিটোৰ হকে লোৱা এই সাহসী সিদ্ধান্তৰ বাবে সভাপতি হিচাপে মই গর্ব অনুভৱ কৰিছোঁ ।”
আনহাতে ৰাইজৰ দলত যোগদান কৰি জ্ঞানশ্ৰী বৰাই কয়-‘ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি আহিছোঁ, মোক টকাৰে কিনিব নোৱাৰে।ঘৃণা, বিদ্বেষ, বিশৃংখলতাৰ বিপৰীতে আস্থাৰ ৰাজনীতি কৰিম,অগ্নিকন্যা হ’ম’। ঘৃণা বিদ্বেষৰ বিপৰীতে একতাৰ ৰাজনীতি,আস্থাৰ ৰাজনীতি কৰিবলৈ আগবাঢ়িছে জ্ঞানশ্ৰী বৰা।ভৱিষ্যত প্ৰজন্মৰ হৈ কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছে সদ্যপ্ৰাক্তন অধ্যাপিকা গৰাকী।