আগন্তুক গাঁও পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণেৰে আপৰ ৰাজ্যিক নেতৃত্ব প্ৰদানৰ দায়িত্বভাৰ প্ৰদান কৰা হ’ল আম আদমি পাৰ্টিৰ যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীক। আপ দপল ৰাজযিক উপ সভাপতি সৌমিক সেনগুপ্ত নেতৃত্বত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক ডাঃ চৌধুৰীক প্ৰদান কৰা হয় সভাপতিৰ দায়িত্বভাৰ। এই বৈঠকত উপষ্ঠিত থাকে ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চৰ তত্বৱধায়ক ৰাজেশ শৰ্মা।
উল্লেখযোগ্য যে, কেন্দ্ৰ দিল্লীত আপৰ বৃহৎ পৰাজয়ৰ পিছৰ জটিল সময়ত ব্যক্তিগত অসুবিধাৰ পৰিপ্ৰেক্ষিতত বিগত কিছুদিনৰ পৰা দলীয় কাম কাজৰ দায়িত্বৰ পৰা কিছু বিৰত আছে মনোজ ধানোৱাৰ। যাৰ পৰিপ্ৰেক্ষিতত আপৰ ৰাজ্যিক সভাপতি নিযুক্ত নোহোৱা পৰ্যন্ত ডাঃ ভবেন চৌধুৰীক আপৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব প্ৰদাৱন কৰা হয়।
আনহাতে, আগন্তক পঞ্চায়ত নিৰ্বাচনত স্বায়ত্ব শাসিত এলেকা অৰ্থাৎ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ, মিচিং স্বায়ত্ব শাসিত পৰিষদ, তিৱা স্বায়ত্ব শাসিত পৰিষদ আৰু বড়ো স্বায়ত্ব শাসিত পৰিষদত আম আদমি পাৰ্টি, অসম অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত অতি শীঘ্ৰেই ৰাজ্যিক স্তৰত নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ আপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহিকাৰ।