নিউজ ডেস্ক, ১৯ আগষ্টঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰায় ৩০ হাজাৰ পদৰ বিপৰীতে অনুষ্ঠিত নিযুক্তি প্ৰক্ৰিয়াত অৱতীৰ্ণ হবলগীয়া চাকৰিৰ প্ৰাৰ্থিসকলক আন্দোলনৰ নামত পনবন্দী নকৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী পীয়ুষ হাজৰিকাই। জনতা ভৱনত নিজৰ সভা কক্ষত আয়োজিত এখন সংবাদ মেলত মন্ত্ৰী গৰাকীয়ে সম্প্ৰতি একাংশ সংগঠনে ‘কা’ বিৰোধী আন্দোলন কৰাৰ প্ৰসংগত তেখেতে কয় যে, ‘প্ৰায় ৩০ হাজাৰ চৰকাৰী পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হব। সেয়ে চাকৰি প্ৰাৰ্থী সকলৰ জীৱন আৰু সংস্থাপনৰ স্বাৰ্থত কোনেও যাতে আন্দোলনৰ নামত বেমেজালিৰ সৃষ্টি নকৰে তাৰ বাবে সকলো পক্ষকে আহ্বান জনালোঁ।’ ২০১৯ চনৰ ‘কা’ বিৰোধী আন্দোলনৰ একাংশ নেতা তথা সংগঠনে অসমৰ ৰাইজক মিছা কথাৰে বিপথে পৰিচালিত কৰিছিল। কা কাৰ্যকৰী হ’লে কোটি কোটি বাংলাদেশ নাগৰিক অসমলৈ আহিব বুলি মিছা প্ৰচাৰ চলোৱা একাংশ নেতাৰ আন্দোলনৰ পিছতো নিজৰ মতাদৰ্শত বিশ্বাস ৰাখি আমাৰ দলে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। মই এই কথা বিনয়েৰে কৈছোঁ।
তেওঁ পুনৰ কয় যে , আন্দোলনৰ নামত পৰিবেশ অস্থিৰ কৰি ৰাজ্য চৰকাৰৰ নিযুক্তি চৰকাৰৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্রাৰ্থিসকলক যাতে পনবন্দী কৰি পেলোৱা নহয় এই কথা তেওঁ স্পষ্টকৈ উল্লেখ কৰে।