২০৪৭ চনলৈ ব্যৱহাৰ নকৰিব বিদেশী সামগ্ৰী

Share

মঙলবাৰে গুজৰাটৰ গান্ধীনগৰত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে-আমাৰ সশস্ৰ বাহিনীৰ শক্তিৰে ৬ মে’ৰ নিশা অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰা হৈছিল।কিন্ত এতিয়া এই অপাৰেশ্যন সেন্দূৰ জনতাৰ শক্তিৰে আগবাঢ়িব।ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যদি আমি সকলোৱে ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াত অৰিহনা যোগাওঁ আৰু বিশ্বজুৰি আমাৰ চতুৰ্থ স্থানৰ পৰা তৃতীয় স্থানলৈ লৈ যাব বিচাৰো তেন্তে আমি বিদেশী সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকো।প্ৰধানমন্ত্ৰীয়ে কয়-আমি গাঁৱৰ ব্যৱসায়ীসকলক এই প্ৰতিশ্ৰুতি লবলৈ উৎসাহিত কৰা উচিত যে তেওঁলোকৰ যিমানেই লাভ নহওক কিয়,বিদেশী সামগ্ৰী বিক্ৰী নকৰে।কিন্ত দুৰ্ভাগ্যজনকভাৱে বিদেশৰ পৰা গণেশ মূৰ্তিও আহে,সৰু চকুৰ গণেশ মূৰ্তি যাৰ চকুও ভালদৰে মেল নাখায়।অপাৰেশ্যন সেন্দূৰৰ বাবে এজন নাগৰিক হিচাপে আপোনালোকৰ বাবে মোৰ এটা কাম আছে।ঘৰলৈ গৈ ২৪ ঘণ্টাত কিমান বিদেশী সামগ্ৰী ব্যৱহাৰ কৰে তাৰ তালিকা এখন বনাওক।”

পহলগামত হোৱা বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে স্থগিত ৰখা সিন্ধু জল চুক্তিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয়, “সিন্ধু জল চুক্তিৰ আলোচনা অতি দুৰ্বলভাৱে কৰা হৈছিল।প্ৰধানমন্ত্ৰীয়ে কয়, “১৯৬০ চনৰ সিন্ধু জল চুক্তিৰ কথা পঢ়িলে স্তম্ভিত হ’ব। সিদ্ধান্ত লোৱা হৈছিল যে জম্মু-কাশ্মীৰৰ নদীৰ ওপৰত নিৰ্মাণ কৰা বান্ধসমূহ পৰিষ্কাৰ কৰা নহ’ব।পলস আঁতৰোৱাৰ কাম নহ’ব।পলস পৰিষ্কাৰ কৰিবলৈ তলৰ গেটবোৰ বন্ধ হৈ থাকিব।৬০ বছৰত এই গেটবোৰ কেতিয়াও খোলা নাছিল।যিবোৰ জলাশয় ১০০ শতাংশ ক্ষমতালৈকে ভৰোৱাৰ কথা আছিল,সেইবোৰ এতিয়া মাত্ৰ ২ শতাংশ বা ৩ শতাংশত সীমাবদ্ধ হৈ পৰিছে।”

পাকিস্তানক লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, আমি সিন্ধু জল চুক্তি স্থগিত ৰাখি আমাৰ ফালৰ পৰা বান্ধৰ ক্ষমতা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছো। কেৱল এই কাম কৰাৰ বাবেই তেওঁলোকে অস্বস্তি অনুভৱ কৰিছে।”কাশ্মীৰৰ সন্ত্ৰাসবাদৰ সমস্যাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “১৯৪৭ চনতেই ইয়াৰ সমাধান কৰিব পাৰিলেহেঁতেন।” তেওঁ কয়, “যদি ১৯৪৭ চনত আমি কাশ্মীৰত প্ৰৱেশ কৰা মুজাহিদীনক হত্যা কৰিলোঁহেঁতেন তেন্তে আজি আমি এনে পৰিস্থিতি আৰু সন্ত্ৰাসবাদৰ সন্মুখীন হ’ব নালাগিলহেঁতেন। সন্ত্ৰাসবাদ Proxy war নহয়, ই আপোনাৰ যুদ্ধ কৌশল। আপোনালোকে আমাৰ বিৰুদ্ধে যুদ্ধ চলাই আছে।”

তেওঁ লগতে কয়, “১৯৪৭ চনত চৰ্দাৰ বল্লভভাই পেটেলে সেনাই পাক অধিকৃত কাশ্মীৰ পুনৰ দখল কৰাটো বিচাৰিছিল যদিও তেওঁৰ কথা কোনো শুনা নাছিল।” ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হোৱাৰ সন্দৰ্ভত মোদীয়ে কয়, “২০১৪ চনত মই দায়িত্ব লোৱাৰ সময়ত ভাৰত ১১ নং বৃহত্তম অৰ্থনীতি আছিল, কিন্তু আজি চতুৰ্থ স্থানত আছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *