UNESCO ৰ সাংস্কৃতিক ঐতিহ্য তালিকাত পোহৰৰ উৎসৱ দীপাৱলী

Share

বিশ্ববাসীৰ বাবে এক সোণালী ক্ষণ। পোহৰৰ উৎসৱ দীপাৱলীয়ে পোহৰালে সমগ্ৰ বিশ্ব।  ১০ ডিচেম্বৰত UNESCO ৰ সাংস্কৃতিক ঐতিহ্য তালিকাত নাম অন্তৰ্ভুক্ত হ’ল পোহৰৰ উৎসৱ দীপাৱলী। সনাতন সংস্কৃতি আৰু সভ্যতাৰ উৎসৱ দীপাৱলীয়ে লাভ কৰিলে বিশ্বজুৰি স্বীকৃতি।

সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্র শেখাৱটে এই কথা সদৰি কৰি কয়,  যে এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সঁচাকৈ আবেগিক ক্ষণ। পোহৰৰ উৎসৱ দীপাৱলী অকল উদযাপন কৰাই নহয়, বৰং প্রজন্ম প্রজন্ম ধৰি ইয়াক অনুভৱ কৰি অহা হৈছে। এই স্বীকৃতিৰ জৰিয়তে দীপাৱলীৰ প্ৰতি অকল সন্মান ব্যক্ত কৰাই নহয়, বৰং পোহৰৰ উৎসৱৰ জীৱন্ত ঐতিহ্য অক্ষুণ্ণ ৰখাৰ দায়িত্বৰ বিষয়েও সোঁৱৰাই দিয়ে। ।এই ঘোষণাৰ লগে লগে ‘বন্দে মাতৰম’, ‘ভাৰত মাতা কী জয়’ ধ্বনিৰে মুখৰিত হৈ পৰে প্ৰেক্ষাগৃহ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে X হেণ্ডল যোগেদি ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া। আমাৰ বাবে আমাৰ সংস্কৃতি আৰু নীতি নিয়মৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত দীপাৱলী উৎসৱ।ই আমাৰ সভ্যতাৰ আত্মা। ই পোহৰ আৰু ধাৰ্মিকতাৰ প্ৰতীক।ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্য তালিকাত দীপাৱলীৰ সংযোজনে এই উৎসৱ বিশ্বজনীন জনপ্ৰিয়তা আৰু অধিক অৰিহণা যোগাব। প্ৰভু ৰামৰ আদৰ্শই আমাক চিৰকাললৈ পথ প্ৰদৰ্শন কৰি যাওক বুলি মন্তব্য প্ৰকাশ কৰে।

এই ঐতিহাসিক ক্ষণত গৌৰাম্বিত প্ৰতিজন ভাৰতীয়। দীপাৱলী কেৱল উৎসৱ নহয়, ই হৈছে আধ্যাত্মিক পোহৰ যিয়ে যুগ যুগ ধৰি মানৱতাক সত্য, আশা আৰু নৈতিকতাৰ পথত আগুৱাই লৈ গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *