ডিজিটেল ডেস্কঃ ঘােচখােৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে ৰাজ্যৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ তীব্ৰ অভিযান।এদিন পূৰ্বে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ভূমি পঞ্জীয়ন বিভাগৰ কৰ্মচাৰীক উৎকােচ লৈ গ্ৰেপ্তাৰ কৰা হৈছিলহে আজি পুনৰ উৎকােচ লৈ ৰঙাঘৰৰ আলহী হ’ল এজন চৰকাৰী কৰ্মচাৰী। এইবাৰ দুৰ্নীতি নিবাৰকৰ অভিযান চলিল ধেমাজি জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত।
খবৰ অনুসৰি, এখন ই-ৰিক্সা বিক্ৰী কৰা প্ৰতিষ্ঠানৰ ট্ৰেড লাইচেন্স নবীকৰণৰ নামত প্ৰয়ােজনীয় নথি যােগান ধৰাৰ বিনিময়ত উৎকােচ দাবী কৰি গ্ৰেপ্তাৰ হ’ল জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক গোবিন বৰদলৈ।উক্ত প্ৰতিষ্ঠানটােৰ প্ৰতিনিধিৰ পৰা উৎকােচ লৈ দুৰ্নীতি নিবাৰক দলৰ হাতত গ্ৰেপ্তাৰ হয় কৰ্মচাৰীগৰাকী।সম্প্ৰতি কৰ্মচাৰীজনক কাৰ্যালয়তে মাৰাথন জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক অভিযানকাৰী দলে।