ভাৰতীয় সেনাৰ শৌৰ্য্য বীৰ্য প্ৰদৰ্শন

Share

পহলগাম ঘটনাৰ আৰু তাৰ পৰিপ্ৰেক্ষিততে পৰৱৰ্তী সময়ত অপাৰেশ্যন সেন্দূৰৰ যোগেদি ভাৰতৰ দ্বাৰা পাকিস্তানক প্ৰবল আক্ৰমণ আদি সমগ্ৰ বিষয় সামৰি গুৱাহাটীৰ বশিষ্ঠত অৱস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্য্যালয়ত এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল।বুধবাৰে এই প্ৰদৰ্শনীখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।উক্ত প্ৰদৰ্শনীত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া,সাধাৰণ সম্পাদক পল্লৱ লোচন দাসৰ লগতে বিজেপিৰ শতাধিক নেতা-কৰ্মী।প্ৰদৰ্শনীখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু ভাৰতীয় সেনা বাহিনীয়ে বীৰত্বৰে কেনেকৈ পাকিস্তানী সন্ত্ৰাসবাদী ঘাটিসমূহ ধ্বংস কৰা হ’ল তাৰ চিত্ৰ এই প্ৰদৰ্শনীৰ জড়িয়তে দেখা পাব।যদিও বিজেপিৰ কাৰ্য্যালয়ত এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে তথাপিও সকলো সাধাৰণ ৰাইজৰ বাবে মুকলি থাকিব এই বিশেষ প্ৰদৰ্শনী।

মুখ্যমন্ত্ৰীয়ে ইয়াৰ লগতে কয়-ইয়াৰোপৰি আজি মহানগৰীত প্ৰথমটো ত্ৰিৰংগা যাত্ৰা কৰা হৈছে।পৰৱৰ্তী জিলা,ব্লক,বুধ পৰ্যায়তো কৰা হ’ব এই ত্ৰিৰংগা যাত্ৰা।সমূহ অসমবাসীক ত্ৰিৰংগা যাত্ৰাত অংশ লৈ সন্ত্ৰাসবাদ আৰু পাকিস্তানৰ বিৰুদ্ধে হোৱা ভাৰতৰ সেনাবাহিনীৰ দক্ষতা আৰু শৌৰ্য্য উদযাপন কৰিবলৈ অনুৰোধ জনালোঁ।লগতে ভাৰত-বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে কয়-এই বিষয়টো বৈদেশিক পৰিক্ৰমা বিভাগৰ।আমি অসমে চিন্তা কৰিব নালাগে যিহেতু এই বিষয়ত ভাৰত চৰকাৰে চিন্তা কৰে।তথাপিও বৰ্তমান ভাৰত বাংলাদেশীৰ সীমান্তত সকলো সতৰ্ক কৰি ৰখা হৈছে।ইয়াৰোপৰি কোনোবা বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰিলে ঘূৰাই পঠিয়াবৰ বাবে কাম কৰি থকা হৈছে।বৰ্তমান ভাৰত বাংলাদেশ সীমান্ত সুস্থিৰ হৈ আছে আৰু মই ভবো সুস্থিৰ হৈ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *