অসম চুক্তিৰ ৬ নং দফাক লৈ আলোচনা

Share

অসম চুক্তিৰ ৬ নং দফাক লৈ দেওবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্য চৰকাৰৰ মাজত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ন বৈঠক। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত ৩৮টা বিষয় লৈ বৈঠকত চলে আলোচনা। বৈঠকত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰন সম্পাদক সমীৰন ফুকন। অসমীয়া ভাষা,ভূমি অধিকাৰ,আদিৰ লগতে গ্ৰহন কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ন সিদ্ধান্ত। এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো চৰকাৰী-বেচৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত বাধ্যতামূলক হব অসমীয়া ভাষা। ইয়াৰোপৰি বি টি এ ডিত বাধ্যতামূলক হব বড়ো আৰু অসমীয়া। সেই অনুসৰি ২০২৬ৰ ১ এপ্ৰিলৰ পৰা অষ্টম শ্ৰেণীলৈকে অসম বুৰঞ্জী বাধ্যতামূলক কৰা হব। এতিয়াৰে পৰা জনজাতীয় বেল্ট ব্লকৰ দৰে ৰাজহ চক্ৰ গঠন হব। ৰাজহ চক্ৰৰ ভিতৰৰ মাটি-বাৰীৰ অধিকাৰ থাকিব কেৱল খিলঞ্জীয়াৰ হাতত।

Leave a Reply

Your email address will not be published. Required fields are marked *