শীঘ্রেই আহি আছে ‘যোগী’ !দিলজিৎ দোচাঞ্জৰ এখন নতুন  ছবি, ১৯৮৪ চনৰ দিল্লীৰ প্রতিবাদৰ কাহিনীৰ ওপৰত আধাৰিত ছবিখনে মুক্তি লাভ কৰিব নেটফ্লিকচত

Share
বলিউডৰ জনপ্রিয় গায়ক তথা অভিনেতা দিলজিৎ দোচাঞ্জৰ ছবি ‘যোগী’ । ইতিমধ্যে টিজাৰ মুকলি হৈছে ছবিখনৰ ।চলচ্চিত্রখনত ১৯৮৪ চনৰ দিল্লীৰ প্রতিবাদৰ কাহিনী আৰু ইয়াত তেওঁলোকৰ প্রিয়জনক হেৰুওৱা পৰিয়ালবোৰৰ কৰুণ গাথাঁৰ ওপৰত নিৰ্মিত এখন ছবি । টিজাৰটো দেখি হয়তো আপুনিও হৈ পৰিব আবেগিক । আলী আব্বাছ জাফৰৰ ছবি ‘যোগী ‘ নামৰ ছবিখনে ১৬ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব নেটফ্লিকচত ।
মুকলি হোৱা টিজাৰটোৰ আৰম্ভণিতে দেখিবলৈ পোৱা গৈছে  যোগীয়ে আইনাত নিজকে চাই হাঁহি থকা, তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতি থকা ,ধেমালি কৰি থকা দেখিবলৈ পোৱা গৈছে  । কিন্তু তাৰ পাছতে চহৰখনত প্রতিবাদ আৰম্ভ হয় ।তেতিয়াই যোগী আৰু তেওঁৰ  পৰিয়ালক এক নিৰাশাজনক অৱস্থাত তেওঁক পৰিয়ালৰ সৈতৈ  তেওঁলোকৰ জীবন বচাবলৈ দৌৰি থকা দেখা গৈছে । যোগীক কোৱা গৈছে যে গোটেই দিল্লী জ্বলিবলৈ গৈ আছে । এনে পৰিস্থিতিত , তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে পঞ্জাৱলৈ যোৱা উচিত । কিন্তু ইয়াৰ প্রত্যুত্তৰত যোগীয়ে কয়  যে সকলোবোৰ তেওঁৰ পৰিয়াল । ক’লৈকো  যাব নোৱাৰে তেওঁ ।

Leave a Reply

Your email address will not be published. Required fields are marked *