জনস্বাস্থ্যলৈ তীব্ৰ ভাবুকি কঢ়িয়াই সমগ্ৰ বিশ্বতে অতি ভয়াৱহ হাৰত প্ৰদূষিত হৈছে বায়ুমণ্ডল।বতাহত মিহলি হোৱা বিহৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাইছে।উশাহ ললেই যেন এতিয়া বিপদ দেশৰ ৰাজধানী দিল্লীকে ধৰি অন্যান্য প্ৰান্তৰ লগতে অসমতো বায়ু প্ৰদূষণে ভয়ংকৰ ৰুুপ লৈছে।
মধ্য-দক্ষিণ এছিয়াৰ ভিতৰত আটাইতকৈ কম প্ৰদূষিত ১৫খন নগৰৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে অসমৰ ডিগবৈয়ে।ছুইছ বায়ু মানক প্ৰযুক্তি প্ৰতিষ্ঠান আইকিউএয়াৰ শেহতীয়া প্ৰতিবেদনে ডিগবৈক এই স্বীকৃতি দিছে।বিশ্বৰ ১৩১ খন দেশৰ ৭,৩২৩ চহৰ-মহানগৰৰ ৩০ হাজাৰতকৈও অধিক বায়ু-প্ৰদূষণ নিৰীক্ষণ কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত প্ৰতিষ্ঠানটোৱে বিগত বৰ্ষৰ বাবে প্ৰস্ত্তত কৰিছে ‘ফিফ্থ এনুৱেল ৱলড এয়াৰ কোৱালিটী ৰিপ’ৰ্ট-২০২২’ শীৰ্ষক প্ৰতিবেদনখন।
যোৱা মঙলবাৰে এই প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে মধ্য-দক্ষিণ এছিয়াৰ ১২ খন ৰাষ্ট্ৰ ক্ৰমে বাংলাদেশ,ভাৰত,ইৰাণ,নেপাল পাকিস্তান,শ্ৰীলংকা,কাজাখস্তান,কিৰ্গিস্তান,মালদ্বীপ,তাজিকিস্তান,তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ ভিতৰত ১৫খন নগৰক আটাইতকৈ কম প্ৰদূষিত ৰুুপে চিনাক্ত কৰা হৈছে।
তথ্য অনুসৰি,২০১৯ চনত হৃদৰোগ,মধুমেহ,হাঁওফাঁও ৰোগত দেশৰ ১.৯ মিলিয়ন লোকৰ মৃত্যু হৈছে।এনে অৱস্থাত অসমৰ ডিগবৈ মধ্য-দক্ষিণ এছিয়াৰ ভিতৰতে কম প্ৰদূষিত নগৰৰ দ্বিতীয় স্থানত থকাটো যথেষ্ট ইতিবাচক ৰুপে বিবেচিত হৈছে।ডিগবৈ সফলতা কিমানদিনলৈকে বৰ্তি থাকিব,সেইয়া নিৰ্ভৰ কৰিব মানৱ সৃষ্ট কাৰ্যকলাপৰ ওপৰত।