ৰঙামাটিৰ টোলগেটৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ হুংকাৰ 

Share
দেৰগাঁও, ১১ চেপ্তেম্বৰঃ ৰঙামাটিত নিৰ্মিত টোলগেটৰ বিৰুদ্ধে আজি দেৰগাঁও আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰঙামাটি টোলগেটৰ সমীপত এক বৃহৎ মানৱ-শৃংখল কাৰ্য্যসূচী গ্ৰহণ কৰে ।সংগঠনটোৱে কয় যে যি সময়ত এইখন চৰকাৰে দলং বনাব লাগিছিল সেই সময়ত এই চৰকাৰ খনে টোলগেট বনায় সাধাৰণ জনতাৰ মূৰত মাধমাৰ সুধোঁৱাৰহে ষড়যন্ত্ৰ কৰিছে ,লগতে সংগঠনটোৱে কয় যে এই চৰকাৰ খনে শাসনলৈ অহাৰ পৰাই অসমত এখনৰ পাছত আনখন টোলগেট বনাই আচলতে পুঁজিপতিৰ পকেট গৰম কৰাৰহে ষড়যন্ত্ৰ ৰচিছে ।
সংগঠনটোৱে অনাগত দিনত এই টোলগেটৰ বিৰুদ্ধে বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে ।উক্ত কাৰ্য্যসূচীত সংগঠনটোৰ হৈ অংশগ্ৰহণ কৰে গোলাঘাট জিলা ছাত্ৰ মুক্তিৰ সাধাৰণ সম্পাদক জ্যোতিষ্মান বৰা ,ছাত্ৰ মুক্তিৰ দেৰগাঁও আঞ্চলিকৰ সম্পাদক ঋতুৰাজ বৰুৱা ,বিচিত্র বৰা ,আৰু নাৰীমুক্তিৰ দেৰগাঁও আঞ্চলিকৰ সভানেত্ৰী মমী বৰা ।

Leave a Reply

Your email address will not be published. Required fields are marked *