দীৰ্ঘদিন ধৰি চলি অহা এটা দাবী ছয় জনগোষ্ঠী জনজাতিকৰণ। প্ৰতিটো সম্প্ৰদায়ৰ নিজস্ব ভাষা, ৰীতি-নীতি, পৰম্পৰা আৰু উৎসৱক এক সুকীয়া সত্তা হিচাপে চিহ্নিত কৰা। জনজাতিকৰণৰ দাবীত অব্যাহত ৰাখিছে ছয় জনগোষ্ঠীয়ে প্ৰতিবাদ।চৰাইদেউ জিলাৰ সদৰ সোণৰিত ১ নৱেম্বৰ অৰ্থাৎ আজি জনজাতিকৰণৰ দাবীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে টাই আহোম জনগোষ্ঠীয় লোকে। টাই আহোম যুৱ পৰিষদৰ আহ্বানত কাইলৈ দিনটোত ডিব্ৰুগড়, শিৱসাগৰতো গ্ৰহণ কৰা হৈছে জোঁৰ সমদল কাৰ্যসূচী। প্ৰায় ৫০ হাজাৰ টাই আহোম জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰিব এই জোঁৰ সমদলত।
এই কাৰ্যসূচীৰ সন্দৰ্ভত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমুৰীয়াই সংবাদ মাধ্যমক অৱগত কৰে যে ১ নৱেম্বৰ তাৰিখে উজনিত বিশাল জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে ভৃগু হাতীমুৰীয়াই।
উল্লেখ যে, ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী সৰৱ হৈ পৰিছে।
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে যে মৰাণ, মটক, কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বিশেষ সমস্যা নাই । তেওঁ কৈছিল যে এই তিনিটাৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘৰ স্থিতি সহনশীল। ২৫ নৱেম্বৰত মন্ত্ৰী গোটে বিধানসভাত প্ৰতিবেদন দাখিল কৰাৰ কথাও সদৰী কৰিছিল মুখ্যমন্ত্ৰীয়ে।