বিগত কিছুদিন ধৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। ভিন্ন প্ৰান্তত ক্ৰমাৎ বৃদ্ধি পোৱা আন্দোলনমুখৰ পৰিস্থিতিৰ পিছত এই বিষয়ত একপ্ৰকাৰে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বাধ্য হৈছে অসম চৰকাৰ। ইয়াৰ মাজতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত সংবাদমেল সম্বোধন কৰে আক্ৰাছুৰ দ্বীপেন ৰয় আৰু সোণাধৰ ৰায়ে। সেহতীয়া ভাৱে আয়োজন কৰা সংবাদমেলত সংবাদকৰ্মীক উদ্দেশ্যি দ্বীপেন ৰয়ে কয় যে মন্ত্ৰী গোটৰ প্ৰতিবেদনত কিছু দিশ আৰু কিছু আশোৱাহ থাকি গৈছে।
২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ মৰ্যাদা কেৱল নিৰ্বাচন কেন্দ্ৰিক হ’বলৈ গৈ আছে।২৬ৰ নিৰ্বাচনৰ পূৰ্বে আমাক জনজাতিকৰণ লাগিব অন্যথা আমাৰ ধাৰাবাহিক আন্দোলন চলি থাকিব। তেওঁ পুনৰ কয় যে ৰাজ্যসভাত ST ৰ মৰ্যাদাৰ বিষয় সন্দৰ্ভত ইতিমধ্যে আলোচনা হৈ আছে। অবিভক্ত গোৱালাপাৰাৰ ভিতৰ আৰু বাহিৰৰ বুলি বিভক্ত কৰা দুটা প্ৰক্ৰিয়াক মানি লোৱা নহ’ব। জনজাতিকৰণ যদি কৰিব লগা আছে তেন্তে ST (P) হিচাপে কৰক। কোচ ৰাজবংশী ভাতৃসকলৰ মাজত বিভেদ আনিব নালাগে। এটা আঞ্চলিক ৰাজনৈতিক দল আৰু সংগঠনৰ উচতনিত BTCৰ সচিবালয়ত হিংসাত্মক ঘটনা সৃষ্টি হৈছিল। আনহাতে ৩ ডিচেম্বৰত গণ সমাৱেশ অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰি ৰয়ে কয় যে যেতিয়ালৈকে জনজাতিকৰণ নহব আমাৰ প্ৰতিবাদ চলি থাকিব চৰকাৰক সকিয়নী আমাৰ অন্তৰ জ্বলালে, আমি আপোনালোকক জ্বলাম। পূৰ্বৰ শাসনাধীস্থ চৰকাৰ কংগ্ৰেছৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰি ৰায়ে কয় যে কংগ্ৰেছৰ দৰে বিজেপিয়েও আমাক প্ৰতাৰণা কৰি আহিছে। কোনোবাই যদি আমাক ৰঙা চকু দেখুৱাই আমি হাত সাৱতি বহি নাথাকো। বিজেপিয়ে ভাই-ভাই মাজত সংঘাত লোৱা চেষ্টা কৰিছে। ২৬ৰ আগত জনজাতিকৰণ নকৰিলে আমি বিজেপিক বয়ক’ট কৰিম।প্ৰতিবেদনত জনজাতিকৰণৰ দাবী তোলা ৬ জনগোষ্ঠীক তিনিটা শ্ৰেণীত ভাগ কৰাৰ পৰামৰ্শ দিয়া হৈছে। সেই অনুসৰি এই জনগোষ্ঠী কেইটাক ST (Plain), ST (Hills) আৰু ST (Valley) অৰ্থাৎ জনজাতি (ভৈয়াম), জনজাতি (পাৰ্বত্য) আৰু জনজাতি (উপত্যকা) হিচাপে শ্ৰেণীভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।