কোচ- ৰাজবংশীক মৰ্যাদা প্ৰদানৰ দাবী

Share

ৰাজ্যৰ কোচ -ৰাজবংশীসকলক  পুনৰ জন্মগত মৰ্যাদা প্ৰদান কৰাৰ দাবী সদৌ অসম কোচ -ৰাজবংশী ছাত্ৰ সন্থাৰ।১৯৯৬ চনত জনজাতিৰ মৰ্যাদা ঘূৰাই লয় ৰাজ্য চৰকাৰে।  সোমবাৰে  দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এখন সংবাদমেলত  আক্ৰাছুৰ সভাপতি নিতুল ৰাজবংশী আৰু প্ৰধান সম্পাদক দীপক বৰাই দাবী উথ্থাপন কৰি কয় যে,  ‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোচ -ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিয়ক’।অতিশীঘ্ৰে কোচ- ৰাজবংশীয়ে জনজাতিৰ মৰ্যাদা নাপালে আমি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লবলৈ বাধ্য হম বুলি মন্তব্য প্ৰকাশ কৰে সদৌ অসম কোচ- ৰাজবংশীৰ সভাপতি নিতুল ৰাজবংশীয়ে। নিতুল ৰাজবংশীয়ে কয় যে আমি গাওঁৰ ৰাইজৰ ওচৰলৈ গৈ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰিম আৰু ৰাজনীতিৰ ক্ষেত্ৰখনৰ লগত জড়িত কোচ -ৰাজবংশীৰ নেতাসকলেও এই বিষয়টোত অধিক গুৰুত্ব দিয়ক।যিহেতু লোকসভা নিৰ্বাচন সমাগত সেয়ে ৰাজহুৱা স্থানত ৰাজহুৱাভাৱে ৰাজনীতিৰ লগত জড়িত নেতাসকলক এই বিষয়টোৰ ওপৰত সঠিক উত্তৰ দিবলৈ বাধ্য কৰাম বুলিও কয় সদৌ অসম কোচ- ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতিজনে।অসমৰ কোইবাখনো জিলাৰ কোচ- ৰাজবংশীৰ লোকে মাটিৰ নামজাৰি কৰাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। সেয়ে ভূমিপুত্ৰসকলৰ এনেবোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰক অন্যথা চৰকাৰ বিৰুদ্ধে ভূমিপুত্ৰসকল গৰজি উঠিব বুলি সংবাদমেল যোগে সকীয়াই দিয়ে আক্ৰাছুৰ সভাপতিজনে।

Leave a Reply

Your email address will not be published. Required fields are marked *