দিল্লীৰ অধিক প্ৰদুষণে চিন্তিত কৰিছে দিল্লীবাসীক।দিল্লীৰ ভয়াৱহ ৰূপত প্ৰদূষিত হোৱা বায়ুৰ সন্দৰ্ভত দিল্লীৰ মূখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মূ্খ্যমন্ত্ৰী ভগৱন্ত মানে মিলি আজি এক সংবাদ মেল সম্বোধন কৰে। এই সংবাদমেলত তেখেতে সমগ্ৰ উত্তৰ ভাৰততে এই প্ৰদূষণে প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰে। এই বায়ু প্ৰদূষণৰ বাবে তেখেতে নৰাকে ধৰি শস্য পথাৰ জ্বলাই দিয়াৰ কাৰ্য্যৰ বাবে কৃষকসকলক দায়বদ্ধ কৰে।
মূখ্যমন্ত্ৰী কেজৰিৱালে লগতে কয় যে এখন ৰাজ্যৰ বায়ু কেৱল এখন ৰাজ্যতে সীমাবদ্ধ নাথাকে।ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰেও পদক্ষেপ লব লাগিব। আমাৰ পঞ্জাৱ আৰু দিল্লীত চৰকাৰ আছে। এতিয়া এজনে আনজনলৈ আঙুলি উঠোৱা বা গালি দিয়াৰ সময় নহয়। আমি সকলো একত্ৰিত হৈ দেশৰ প্ৰদূষণ সমস্যাৰ সমাধান কৰিব লাগিব ।
গতিকে এই সন্দৰ্ভত দিল্লীৰ বায়ু ভয়াৱহ ৰুপত প্ৰদূষিত হোৱাৰ ফলত তেখেতে কাইলৈৰ পৰা দিল্লীৰ বিদ্যালয় সমুহ পঞ্চম শ্ৰেণীলৈ বন্ধ ৰখাৰ ঘোষণা কৰিছে লগতে পঞ্চম শ্ৰেণীৰ ওপৰৰ শিক্ষাৰ্থীসকলৰ বাবে সকলো বাহিৰা কাৰ্যকলাপ বন্ধ কৰা হব।