দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়া মহাত্মা গান্ধীৰ বিষয়ে শিকাৰ আগত শিকিব লাগিব হিন্দুত্ববাদী নেতা ছাভাৰকাৰৰ বিষয়ে।

Share

শেহতীয়াকৈ দিল্লী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম সলনি কৰা হল। দিল্লী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা ছাৰে জাহা ছে অচ্ছাৰ জনক মহম্মদ ইকবালৰ কথা বাদ দিয়াৰ পিছত এইবাৰ আন কেতবোৰ পৰিৱৰ্তন কৰা হৈছে। অলপতে দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰম পৰিৱৰ্তন কৰা অনুসৰি কিছুমান অধ্যয় বাদ দি কিছুমান নতুন অধ্যায় যোগ কৰা হৈছে।

ঠিক একেদৰে ছেমিষ্টাৰ অনুসৰি কিছুমান পুৰণি অধ্যায় অলপ পিছত যোগ কৰা হৈছে। এই নতুন পাঠ্যক্ৰমত শিক্ষাৰ্থীয়ে মহাত্মা গান্ধীৰ বিষয়ে পঢ়াৰ আগতেই হিন্দুত্ববাদী নেতা বীৰ ছাভাৰকাৰৰ বিষয়ে পঢ়িব লাগিব। দিল্লী বিশ্ববিদ্যালয়ৰ পঞ্চম ছেমিষ্টাৰৰ ৰাজনীতি বিজ্ঞানৰ স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত ছাভাৰকাৰৰ অধ্যায় যোগ কৰা হৈছে। কিন্তু সেই অধ্যায়টো ঐচ্ছিক অধ্যয়।

বিশ্ববিদ্যালয়খনৰ একাডেমিক কাউন্সিলৰ এখন সভাত কতৃপক্ষই ছাভাৰকাৰৰ অধ্যায় অন্তভূক্ত কৰাৰ বিষয়ত একমত হৈছে। ইতিমধ্যে মহাত্মা গান্ধীৰ বিষয়ে এটা অধ্যায় দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত অন্তভূক্ত কৰা আছেই। ভাৰতৰ স্বাধীনতা সংগ্ৰামত গান্ধীৰ ভূমিকাৰ বিষয়ে এই অধ্যায়ত শিকোৱা হয়। কিন্তু অধ্যায় যোগ কৰাৰ লগে লগে গান্ধাৰ অধ্যায়টো অলপ পিছুৱাই দিয়া হৈছে।

গান্ধীৰ অধ্যায়টো সপ্তম ছেমিষ্টাৰত পঢ়িব লাগিব। অৰ্থাৎ গান্ধীৰ বিষয়ে পঢ়াৰ আগতে পঞ্চম ছেমিষ্টাৰত ছাভাৰকাৰৰ বিষয়ে পঢ়িব লাগিব। উল্লেখযোগ্য যে ইয়াৰ আগতে দিল্লী বিশ্ববিদ্যালয়ত ছাভাৰকাৰৰ বিষয়ে শিকোৱা হোৱা নাছিল। ইপিনে বিশ্ববিদ্যালয়ৰ একাংশ অধ্যাপকে নতুন পাঠ্যক্ৰমৰ বিৰোধিতা কৰিছে।তেওঁলোকৰ মতে গান্ধীৰ অধ্যায়টো কিয় পিছলৈ ঠেলি দিয়া হল। গান্ধীৰ অধ্যায়টো আগত থাকিব লাগে। 

Leave a Reply

Your email address will not be published. Required fields are marked *