তৃষ্ণা দাস
১৫ আগষ্টঃ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দেশীয় বিমান সেৱাৰ ভাৰা ৯.৮৩ শতাংশ ৰ পৰা ১২.৮২ শতাংশ বৃদ্ধি কৰিছে। মন্ত্ৰালয়ৰ বিবৃতিত প্ৰকাশ পোৱা মতে, দেশীয় বিমানৰ নতুন ভাৰাৰ নিৰিখ অনুসৰি ৪০ মিনিটৰ যাত্ৰাত পূৰ্বৰ ২৬০০ টকাৰ পৰা বৃদ্ধি পাই ২৯০০ টকা হ’ব। তেনেদৰে ৪০ মিনিটতকৈ ওপৰৰ যাত্ৰাত ভাৰা ১২.৮২ শতাংশ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ এটা টিকটৰ মূল্য ৮,৮০০ টকা হ’ব। ৪০-৬০ মিনিটৰ যাত্ৰাত ৩৩০০ টকাৰ পৰা ৩৭০০ টকালৈকে বৃদ্ধি কৰা হৈছে। ঊৰ্ধ্বৰ নিৰিখত ১২.২৮ শতাংশ বৃদ্ধিৰে ১১ টকা কৰা হৈছে।
আনহাতে ৬০-৯০ মিনিটৰ যাত্ৰাত টিকটৰ মূল্য ৪৫ শ টকালৈ বৃদ্ধি পাব। তেনেদৰে ঊৰ্ধ্বৰ নিৰিখত ১২.৮২ শতাংশ বৃদ্ধিৰে টিকটৰ মূল্য ১৩,২০০ টকা কৰা হৈছে। ৯০-১২০, ১২০-১৫০, ১৫০-১৮০ আৰু ১৮০-২১০ মিনিটৰ যাত্ৰাত ৫,৩০০ , ৬,৭০০ , ৮,৩০০ আৰু ৯,৮০০ টকালৈ বৃদ্ধি কৰা হৈছে।