উচ্চতম ন্যায়লয়ৰ পৰা কোনো ধৰণৰ উপশম নাপালে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ চিছোডিয়াই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰা মানহানি গোচৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়লয়ৰ কাষ চাপিছিল মনিষ চিছোডিয়া।উল্লেখ্য যে বহু আগতেই গুৱাহাটী উচ্চ ন্যায়লয়ে বাতিল কৰি থৈছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ আৱেদন ।গুৱাহাটীৰ উচ্চ ন্যায়লয়তো মুখ্যমন্ত্ৰীৰ মানহানি গোচৰৰ পৰা উপশম বিচাৰি মুখ থেকেচা খাইছে AAP ৰ নেতাজনে ।উচ্চতম ন্যায়লয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই এইবাৰ মনিষে কাষ চাপিছিল উচ্চতম ন্যায়লয়ৰ ।দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ চিছডিয়াই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে PPE KiT সন্দৰ্ভত অভিযোগ আনিছিল ।এই অভিযোগ খণ্ডন কৰি হিমন্ত বিশ্ব শৰ্মাই চিছোডিয়াৰ বিৰুদ্বে গুৱাহাটীত গোচৰ তৰিছিল ।উক্ত গোচৰৰ শুনানি অনুষ্ঠিত হৈছিল সোমবাৰে উচ্চতম ন্যায়লয় । উচ্চতম ন্যায়লয় খণ্ড বিচাৰপীঠে কয় যে চিছোডিয়াই কেতিয়াবাই শৰ্মাৰ ওচৰত ক্ষমা খুজিব লাগিছিল ।উচ্চতম ন্যায়লয় লগতে কয় যে, যি সময়ত দেশ এক অতি মহামাৰীৰ মাজৰে পাৰ হৈছে তেনে সময়ত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ এনে মন্তব্য দুৰ্ভাগ্যজনক,চিছোডিয়াই ইয়াৰ পৰিণতিৰ সন্মুখীন হবই লাগিব।