“দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন-২০২৬” ত কাৰ্ষকাল ২ বছৰৰ পৰা ৩ বছৰলৈ বৃদ্ধি কৰাক লৈ বিৰ্তক

Share

৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে অসম সাহিত্য সভাৰ “দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন-২০২৬” কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্টিত হৈছে।৪ দিনীয়াকৈ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে নিয়াৰীকৈ অনুষ্ঠান চলি থকাৰ মাজতে দ্বিতীয় দিনাৰ অনুষ্ঠানত সমিতিৰ কাৰ্ষকাল বৃদ্ধি কৰাক লৈ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল।অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ কাৰ্ষকাল ২ বছৰৰ পৰা ৩ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়াৰ লগে লগে সমিতিৰ প্ৰতিনিধি সকলৰ মাজত উত্তেজনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ পতাকা উত্তোলন কৰাৰ পিছতেই কাৰ্যসূচীসমূহ চলি আছিল।সন্ধিয়া অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰতিনিধি সভা।সেই সভাতে অসম সাহিত্য সভাৰ সভাপতিৰ সৈতে প্ৰতিনিধি সকলৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে।সভাপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰি একাংশই মন্তব্য প্ৰকাশ কৰিছে।সাহিত্য সভাত সভাপতি গৰাকীক লৈ এক সাংস্কৃতিক শোভাযাত্ৰা কৰাৰ কথা আছিল যদিও সেয়া অনুষ্ঠিত নহ’ল।

প্ৰতিনিধি সকলৰ কিছু সংখ্যকে মন্তব্য কৰিছে “সকলোৱে উত্তেজিত হৈ পৰিছে । সভাপতিৰ অধীনত থকা যিখিনি কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহকে যোৱাকালিৰ সভাত নোলোৱা প্ৰস্তাৱ টেবুলত ঢকিয়াই ঢকিয়াই কৈছে যে মই সভাপতি, মই এই প্ৰস্তাৱ গৃহীত কৰিমেই।আমাৰ সংবিধান আছে।তেখেতে সংবিধানৰ বাহিৰত গৈ নিজৰ মইমতালিৰে কাৰ্যকাল বৃদ্ধি কৰিব বিচাৰিছে।সংবিধান মতে একো কাম-কাজ হোৱা নাই।সংবিধান সংশোধন কৰাৰ বাবে এখন সংবিধান সংশোধনী উপ-কমিটী আছে ।” এই বিৰ্তকৰ পিছতেই অসম সাহিত্য সভাৰ দৰে মজিয়াত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *