বৰপেটা সত্ৰত তিনিদিনীয়াকৈ পালন কৰা হ’ব দৌল উৎসৱ

Share
ৰঙৰ উৎসৱ দৌল যাত্ৰা লৈ কেইটামান ক্ষণ বাকী।হোলীৰ প্ৰাকক্ষণত উখল- মাখল পৰিৱেশে বিৰাজ কৰিছে বৰপেটা সত্ৰ।এইবাৰ ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ তিনিদিনীয়াকৈ বৰপেটা সত্ৰত অনষ্ঠিত হ’ব দৌল উৎসৱ।এই তিনিদিনীয়া দৌল উৎসৱৰ আটাইতকৈ বৰপেটা বাসীৰ বাবে বিখ্যাত তৃতীয় দিনা অনুষ্ঠিত হবলগীয়া সুৱৰি অৰ্থাৎ ফাকুৱা।এই ফাকুৱাত আনন্দত উৎফুলিত হৈ পৰে বৰপেটা বাসী। বিভিন্ন প্ৰান্তৰৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে বৰপেটাত।খোল, তাল আৰু শ্ৰী কৃষ্ণৰ নামেৰে গুঞ্জৰিত হয় বৰপেটা সত্ৰ। এইবাৰো কোনো ব্যতিক্ৰম নহয় বৰপেটাৰ দৌল উৎসৱ।২৪ তাৰিখ অৰ্থাৎ কাইলৈৰ পৰা অনুষ্ঠিত হ’ব গন্ধ উৎসৱ।ঠিক তেনেকৈ ২৫ আৰু ২৬ মাৰ্চত অনুষ্ঠিত হ’ব ভৰ দৌল আৰু ফাকুৱা। ইতিমধ্যে এই ৰঙৰ উৎসৱক আদৰিবলৈ সাজু হৈছে বৰপেটাবাসী।এফালে আয়তী সকলে হোলী গীত পৰিৱেশন কৰাৰ বাবে চলাইছে প্ৰস্তুতি।বৰগীত আৰু হোলী গীতেৰে মুখৰিত হৈ পৰিছে এতিয়া বৰপেটা সত্ৰ।অপেক্ষা মাথোঁ এতিয়া বৰপেটাৰ দৌল উৎসৱলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *