ডি. কে শিৱকুমাৰ নহয় কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হ’ব সিদ্ধাৰামাইয়া

Share

সকলোৰে জলপনা কল্পনা অন্ত পৰিল । ডি. কে শিৱকুমাৰ নহয় কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হ’লগৈ সিদ্ধাৰামাইয়াহে ।

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ প্ৰায় চাৰি দিন পিছত কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰা হৈছে।কংগ্ৰেছে আজি ১০ জনপথত এখন বৈঠকৰ পিছত , সিদ্ধাৰামাইয়াক কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বনোৱা সিদ্ধান্ত লৈছে।বৃহস্পতিবাৰে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই শপত গ্ৰহণ কৰিব।১৮ মে”ত কান্তি ৰাও ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ”ব আৰু এই অনুষ্ঠানত ১০ জন মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰিব।

উল্লেখ্যযোগ্য যে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীআৰু কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰৰ মাজত মুখ্যমন্ত্ৰী পদৰ বাবে এক কঠিন প্ৰতিদ্বদ্ধিতা হোৱাৰ বাবে দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে বিষয়টো সন্দৰ্ভত সূক্ষ্ম পৰ্যোলোচনা কৰে ।তাৰ পিছতেই সিদ্ধাৰামাইয়াক মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *