শস্য আৰু বাগিচা উন্নয়ন নিগমে চলিত বৰ্ষতে মুকলি কৰিব নিজা কফিৰ ব্ৰেণ্ড

Share

অসম চৰকাৰৰ নিগম নিকা সমূহৰ অন্যতম নিগম, শস্য আৰু বাগিচা উন্নয়ন নিগমে চলিত বৰ্ষতে মুকলি কৰিব নিজা কফিৰ উৎপাদিত ব্ৰেণ্ড, বুধবাৰে নিগমৰ সৰুসজাইস্থিত কাৰ্যালয়ত নিগমটোৰ বৰ্ডৰ গুৰুত্বপূৰ্ণ সভাত এই কথা সদৰি কৰিলে নিগমৰ অধ্যক্ষ অশোক শৰ্মাই । উল্লেখযোগ্য যে ৩ খন কফি বাগানৰ ১ খন কাৰ্যক্ষম হৈ আছে যাৰ বিপৰীতে নিগমৰ অধীনস্থ ২৯ খন ৰবৰ বাগানৰ ৮ খনৰ পৰা উৎপাদন হৈ আছে, তেনে অৱস্থাত নিগমটো পুনৰ সম্পূৰ্ণ ৰূপত কাৰ্য্যকৰী কৰাৰ লক্ষ্যৰে বাগান সমূহত নতুনকৈ গছপুলি ৰোপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰি কৰিলে অধ্যক্ষ শৰ্মাই।

শেহতীয়াকৈ চলিত মিত্ৰজোঁটৰ চৰকাৰৰ ইতিবাচক দৃষ্টিভংগীৰে নিগমটো উন্নয়নৰ বাবে অধ্যক্ষ হিচাপে দায়িত্বভাৰ দিছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, উপাধ্যক্ষ প্ৰফুল্ল বৰাক আৰু কাৰ্যকৰী ব্যৱস্থাপনাৰ দায়িত্ব দিলে অনামিকা তামুলীক । অসমৰ মুখ্যমন্ত্ৰী ড‌° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিগমটো পুনৰজ্জীৱিত কৰাৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি নিগমটোৰ বৰ্ডৰ সদস্যসকলে সদৰি কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *