সোণাপুৰৰ জুবিনক্ষেত্ৰত ক্ৰিকেটাৰ চিমু দাসক সম্বৰ্ধনা

Share

পুৰুষৰ সমানেই ক্ৰিয়াৰ দিশত নাম উজ্বলাই আগবাঢ়ি গৈছে আজিৰ নাৰী।মহিলা টি-২০ ক্ৰিকেটত উজ্বলিল এগৰাকী দৃষ্টিহীন মহিলা।শ্ৰীলংকাত অনুষ্ঠিত প্ৰথম দৃষ্টিহীন টি-টুৱেণ্টি ক্ৰিকেট বিশ্বকাপত বিজয়ী হৈ নগাঁও জিলাৰ কঠিয়াতলিৰ চিমু দাসে অঞ্চলটোৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে।চিমু দাস ভাৰতীয় অন্ধ মহিলা ক্ৰিকেট দলৰ এগৰাকী পাৰদৰ্শী বলিং তাৰকা।চিমু দাস এতিয়া বিশেষভাৱে সক্ষম লোকসকলৰ বাবে আদৰ্শ হৈ পৰিছে।মাতৃ ভূমিলৈ উভতি অহাৰে পৰা চিমু দাসক সকলোৱে মৰম আৰু সন্মানেৰে উপচাই পেলাইছে। ৯ অক্টোবৰত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা খেলুৱৈগৰাকীৰ বাসগৃহত উপস্থিত হয় আৰু সমস্যাৰ বুজ লৈ সমাধা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।১০ অক্টোবৰত ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই লোকভৱনত সম্বৰ্ধনা জনায়।আনহতে কালি সন্ধিয়া সোণাপুৰৰ জুবিনক্ষেত্ৰত ক্ৰিকেটাৰ গৰাকীক “চেল্যুট ত্ৰিৰংগা অসম প্ৰদেশ”ৰ উদ্যোগত অনুপ সিনহা আৰু অসম গৌৰৱ ধৃতিমালা ডেকাই সম্বৰ্ধনা জ্ঞাপন কৰে।সম্বৰ্ধনা গ্ৰহণ কৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি চিমু দাসে কয় যে- “জীৱিত কালত জুবিন দাক কেতিয়াও লগ পোৱাৰ সৌভাগ্য নহ’ল।তেঁও যদি থাকিলেহেতেন আজি বহুত ভাল পালেহেতেন আৰু মোক হয়তো বহুত ভালকৈ স্বাগত কৰিলেহেতেন।” টি-২০ ত দৃষ্টিহীন মহিলাই জয়লাভ কৰাৰ পাছতেই মহিলা দলটিক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰাৰ লগতে সন্মান জনায়।২০০১ চনৰ ১১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা চিমু দাসে ২০২২ চনৰ পৰা ক্ৰিকেট খেলৰ যাত্ৰা আৰম্ভ কৰিছিল।ক্ৰিকেট খেলাৰ লগতে চিমু দাসে বৰ্তমান স্নাতকোত্তৰৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী হিচাপে অধ্যয়নত ব্ৰতী হৈ আছে।সৰুতেই পিতৃক হেৰুৱাই দিশহাৰা হোৱা চিমু দাসে মাতৃৰ ত্যাগ,কষ্ট, সানিধ্য তথা শিক্ষাগুৰুৰ আশীষত আজি সফলতাৰ শীষৰত উৰ্ত্তীণ হ’বলৈ সক্ষম হ’ল ।চিমু দাসৰ সফলতাত সমগ্ৰ অসমবাসী গৌৰম্বিত হৈছে।দৰিদ্ৰতাকো নেওচি নিজ মনোবলেৰে আগুৱাই গ’ল  চিমু দাস।    

Leave a Reply

Your email address will not be published. Required fields are marked *