চৰকাৰে জাৰি কৰা ক’ভিডৰ নীতি-নিৰ্দেশনাৰ উলংঘা একাংশ যাত্ৰীবাহী বাছৰ

Share

উপাসনা ডেকাৰ প্ৰতিবেদন
ক’ভিড সম্পকীয় নীতি-নিয়ম ভংগ একাংশ বাছ ছালকৰ।দিনে নিশাই অব্যাহত আছে আন্তঃজিলা যাতায়ত।ক’ভিডৰ নীতি-নিয়মৰ নামত চলি আছে ল’ৰা ধেমালি। ক’ভিভ SOP উলংঘা কৰি বৰ্তমানেও চলি আছে এখনৰ পৰা আন এখন জিলালৈ যাতায়ত। আৰক্ষীৰ সন্মুখেৰেই দিনে নিশাই চলিছে বাছসমূহ।ইয়াৰ পাছতো সজাগ হোৱা নাই আৰক্ষী প্ৰশাসন। কঠোৰ নিৰ্দেশনাৰ পাছতো এই নিৰ্দেশনা ভংগ একাংশ লোকৰ। প্ৰত্যকদিনাই পুৱাৰে পৰা বিভিন্ন ঠাইলৈ যোৱা যাত্ৰীবাহী বাছ সমূহত ভিৰ কৰে একাংশ লোকে।বৰ্তমানেও স্বাভাৱিক হোৱা নাই ক’ভিড পৰিস্থিতি।ইয়াৰ পাছতো একাংশ লোকৰ মাজত এতিয়াও নাই সচেতনতা।বহু লোকে এতিয়াও পৰিধান কৰা নাই মাস্ক আৰু নাই কোনো সামাজিক দূৰত্ব।ৰাইজৰ অসজাগতাই পুনৰ ৰাজ্যত ভায়াৱহ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা।

Leave a Reply

Your email address will not be published. Required fields are marked *