সুস্মিতা বৰা
২৬ জুলাই: ক’ৰনা মহামাৰীৰ বাবে স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন, বিপদে যেন লগ নেৰা হৈছে বহুতো লোকৰ,এফালে ক’ৰনা মহামাৰী আনফালে দুবেলা দুমুঠি খাবৰ বাবে চিন্তা। বাছৰ মালিক-চালক হেণ্ডিমেনকে ধৰি,পাচলি বেপাৰী,দিন হাজিৰা কৰা লোক, সকলো বিলাকৰেই জীৱন যেন অন্ধকাৰৰ দিশত গতি কৰিছে। ক’ৰনা মহামাৰীৰ বাবে আজি দীঘলীয়া সময় ধৰি এওঁলোকৰ জীৱনৰ বাট সলনি হৈ পৰিছে। অসমৰ অসমীয়া খিলঞ্জীয়া হাতত থকা ব্যৱসায় সমূহো এতিয়া মৰো মৰো অৱস্থা। বহু নিবনুৱা যুৱকে বেংকৰ ঋন লৈ যেনে তেনে কেইবা লাখ টকাৰ এখন বাছ কিনিছিল, কিন্তু ক’ৰনা মহামাৰীৰ বাবে সুদীৰ্ঘ দিন ধৰি সেই লাখ টকাৰ বাছ সমূহ পেলাই ৰাখিব লগীয়া হৈছে। গুৰুত্বপূৰ্ণ বিষয়টো হ’ল এজন লোকৰ লগত তেঁওৰ সমগ্ৰ পৰিয়ালটো জড়িত হৈ থাকে, বাছ মালিক,বাছ-চালক,আৰু হেন্ডিমেন সকল। সেই তিনিটা পৰিয়ালৰ দৰে হাজাৰটা পৰিয়ালৰ জীৱন বৰ্তমান অন্ধকাৰ, সেয়েহে এতিয়া সাধাৰন ব্যৱসায় কৰি খোৱা লোক আৰু বাছ মালিক-চালক সকলৰ চৰকাৰৰ প্ৰতি অনুৰোধ যে বিভিন্ন ধৰণৰ কৰ সমূহৰ পৰা তেওঁলোকক মুক্ত কৰি কিছু সাহায্য প্ৰদান কৰে যেন।