ক’ভিড এলাৰ্ট! সাৱধান হওঁক, আকৌ আহিছে ক’ভিড-১৯

Share

সাৱধান ! আকৌ আহিছে ক’ভিড । হঠাৎ অসমত বৃদ্ধি ক’ভিড সংক্ৰমণৰ হাৰ। বিগত ১০ দিনত ৰাজ্যত দ্ৰুতগতিত ক’ভিডৰ সংক্ৰমণ । ৰাজ্য়ত প্ৰতিদিনেই বৃদ্ধি পাইছে ক’ভিডৰ দ্ৰুত সংক্ৰমণ । অসমত সোমবাৰৰ দিনটোতে আক্ৰান্তৰ সংখ্যা ১৬১ জন।

উল্লেখ্য যে, বিগত ১০ দিনত কামৰূপ মেট্ৰ’ত আক্ৰান্ত হৈছে ৫১৮ জন লোক।  কামৰূপ গ্ৰাম্যত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত ২৪ গৰাকী লোক। দৰঙত ক’ভিডত নতুনকৈ আক্ৰান্তৰ সংখ্যা ৭জনলৈ বৃদ্ধি। ডিব্ৰুগড় জিলাত নতুনকৈ আক্ৰান্ত ১১ জন ব্যক্তি। সোমবাৰৰ দিনটোত ৰাজ্যত ক’ভিড পজিটিভিটীৰ হাৰ ৯.৮৭ শতাংশ । অসমত বৰ্তমান সক্ৰিয় ৰোগী ৭১০ গৰাকী লোক। অসমৰ ৪ খন জিলাত ক’ভিড পজিটিভিটীৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *