বনিতা বড়ো
নতুন দিল্লী, ১৪ আগষ্টঃ দেশত অব্যাহত আছে ক’ভিড ১৯ ৰ সংক্ৰমণ। দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড ১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা । যোৱা ২৪ ঘণ্টাত নতুনকৈ ৪১,১৯৫ জন লোক ক’ভিড ১৯ ত আক্ৰান্ত হয়। তাৰে ৪৯০ গৰাকী লোকৰ মৃত্যু হোৱা বুলি কেন্দ্ৰীয় স্বাস্হ্য মন্ত্ৰালয়ে সদৰি কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি দেশত মুঠ ৩ কৌটি ২০ লাখ ৭৭ হাজাৰ ৭০৬ জন লোক ক’ভিড ১৯ ত আক্ৰান্ত হয়। তাৰে ভিতৰত ৪ লাখ ২৯ হাজাৰ ৬৬৯ জন লোকে প্ৰাণ হেৰুৱাই । সক্ৰিয় হৈ আছে ৩ লাখ ৮৭ হাজাৰ ৯৮৭ গৰাকী ক’ভিড ১৯ আক্ৰান্ত ৰোগী । উল্লেখ্য যে, দৈনিক কভিড ১৯ সংক্ৰমণৰ শীৰ্ষত আছে কেৰেলা। কেৰেলাত ২৪ ঘণ্টাৰ ভিতৰত ক’ভিড ১৯ আক্ৰান্তৰ সংখ্যা ২৩,৫০০ জন বলি জানিব পৰা গৈছে । ইফালে, দ্বিতীয় স্হানত আছে মহাৰাষ্ট্ৰ । ইয়াত, ২৪ ঘণ্টাৰ ভিতৰত ৫,৫৬০ জন লোক ক’ভিড ১৯ ত আক্ৰান্ত হয়।