শুৱালকুছিৰ গণেশ বিগ্ৰহ মন্দিৰৰ মনসা পূজালৈ অগণন ভক্তৰ সোঁত

Share

ডিজিটেল ডেস্কঃ শুৱালকুছিৰ বাসত্তৰীয়া ব্ৰাহ্মণ ৰাইজ গয়ৰহৰ উদ্যোগত শ্ৰী শ্ৰী গণেশ বিগ্ৰহ মন্দিৰত ১৭ আগষ্টৰ পৰা চলি থকা মা মনসা দেৱীৰ পূজাস্থলীত অগণন ভক্তৰ সমাগম দেখা পৰিলক্ষিত হয়। পূজাৰ তৃতীয় দিনা মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰ বিষয়া হেমন্ত চৌধুৰী আৰু মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক দিগন্ত শৰ্মাই পূজা-অৰ্চনাত অংশগ্ৰহণ কৰে। উদযাপন সমিতিয়ে তেওঁলোকক আদৰণি জনায়।

পূজাস্থলীৰ সমীপতে অনুষ্ঠিত দেওধাই নৃত্য উপভোগ কৰাৰ বাবেও বহু লোকৰ সমাগম ঘটা দেখা যায়।উল্লেখ্য যে, পূজা আৰম্ভৰ পৰা পূজাস্থলীত পুৰোহিতে দিনে – নিশাই মনসা কাব্য পঢ়াও সকলোৰে দৃষ্টগোচৰ হোৱা দেখা গৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *