মাধুৰীমা ৰায়
৩১ জুলাই: কোভিডৰ তৃতীয় পালি প্রতিষেধক দিবলৈ আৰম্ভ কৰিছে ইজৰাইলে। কোভিড প্রতিৰোধৰ বাবে ইজৰাইল চৰকাৰে এই তৃতীয় পালি প্রতিষেধক প্ৰদানৰ সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰী নাফটালি বেনেটে প্রকাশ কৰে যে ৬০ বছৰৰ ঊৰ্দ্ধৰ লোকসকলৰ বাবে ‘বিনামূলীয়া প্ৰতিষেধক অভিযান’ৰ অংশ হিচাপে অহা দেওবাৰৰ পৰা তৃতীয় পালি ‘বুষ্টাৰ’ প্ৰতিষেধক দিয়াৰ কাম আৰম্ভ কৰিব দেশখনে। এই তৃতীয় পালি প্রতিষেধক ৫ মাহৰো অধিক সময় আগেয়ে সম্পূর্ণ টিকাকৰণ কৰা লোকসকলেহে গ্রহণ কৰিব পাৰিব। ইজৰাইলৰ ৰাষ্ট্ৰপতি ইছাক হাৰজোং- এ প্ৰথমে এই তৃতীয় পালি প্রতিষেধক গ্ৰহণ কৰিব। উল্লেখ্য যে কোভিডৰ প্রতিষেধক প্ৰদান সবাতোকৈ প্ৰথমে ইজৰাইলতে আৰম্ভ হৈছিল। আৰু এতিয়া এই পদক্ষেপৰ জৰিয়তে কোভিডৰ তিনিপালিকৈ প্রতিষেধক দিয়া প্রথমখন দেশত পৰিণত হৈছে ইজৰাইল।