অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত ৫ অভিযুক্তক বাক্সা জেললৈ নিওঁতে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ লগতে ৰাজ্যজুৰি চলা Justice For Zubeen Garg ডিজিটেল আন্দোলনক ৰাজনৈতিক আখ্যা দিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰ্কিত মন্তব্য কৰে। ২১ অক্টোবৰৰ দিনা বাক্সাৰ পৰিস্থিতি বুজ লবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে তেওঁ পদত্যাগ কৰিলে ৰাজ্যৰ ৫০% আন্দোলন আজিয়ে শেষ হ’ব। তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কয় যে, “মই পদত্যাগ কৰিলে ৰাজ্যৰ ৫০% আন্দোলন আজিয়ে শেষ হৈ যাব, গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিলে বাকী ৫০% আন্দোলনেই শেষ হৈ যাব। এই আন্দোলনটো জুবিন গাৰ্গক ন্যায় দিয়া আন্দোলন নহয়। এই আন্দোলনৰ উদ্দশ্য হ’ল চাৰে চাৰি বছৰ হ’ল- একো সুযোগ পোৱা নাছিলো। আমি সুযোগ এটা পাইছো, ব্যৱহাৰ কৰিব লাগে। গতিকে বিজেপিয়ে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক লৈ, যাতে জুবিন শ শ বছৰ ধৰি জীয়াই থাকিব পাৰে, তাৰ বাবে কাম কৰি গৈছে।”
উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি কৰা আন্দোলনত একাংশৰ ৰাজনৈতিক উদ্দেশ্য থকা বুলি ক’লে মুখ্যমন্ত্ৰীয়ে। এই আন্দোলন মুখ্যমন্ত্ৰীৰ বিপক্ষে ৰাজনৈতিক কাৰ্যসূচী বুলি কবলৈ চেষ্টা কৰি, তেওঁ কয় যে, “জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছিল। জুবিনৰ পৰলোকপ্ৰাপ্তিৰ পাছত এচাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে, যিয়ে জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছিল। জুবিনৰ আগৰ আৰু পাছৰ অনুৰাগীৰ পাৰ্থক্য আছে। জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথলৈ ওলাই আহক।” অৰ্থাৎ তেওঁ ক’ব বিচাৰিছে যে ৰাজপথত জুবিনৰ ন্যায় বিচাৰি থকা সকল জুবিনৰ প্ৰকৃত অনুৰাগী নহয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাক্সা ঘটনাৰ মূল দোষী সাংবাদিক বুলি মন্তব্য কৰে। এই ঘটনাত গুলীবিদ্ধ হোৱা দুয়োজনকে মুখ্যমন্ত্ৰীয়ে ২ লাখ টকাৰ চেক প্ৰদান কৰে।
আনহাতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই বিৰোধী বিধায়ক অখিল গগৈৰ ফেচবুক পোষ্ট “আপুনি পদত্যাগ কৰিলেই যদি আন্দোলন শেষ হৈ যায়, তেন্তে তাৰাতাৰি পদত্যাগ নকৰে কিয়?” জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰাজ্য চৰকাৰে এতিয়ালৈকে কি কি কাম নকৰিলে, তাৰো তিনি পৃষ্ঠাজোৰা চমু আভাস দিয়ে।