সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি ১৬ মে’ৰ পুৱতি নিশা সংঘটিত এক ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল জোনমণি ৰাভাৰ। এই ৰহস্যজনক মৃত্যুৰ প্ৰথমখন চাৰ্জশ্বিট দাখিল কৰিলে চি বি আইয়ে।
জোনমণি ৰাভাৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছিল পৰিয়ালৰ লোকে। এই ৰহস্যজনক মৃত্যুৰ সৈতে সাঙোৰ খাই পৰিছিল নগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে কেইবাজনো আৰক্ষী বিষয়াৰ নাম।
শেহতীয়াকৈ লখিমপুৰত ৰুজু হোৱা ৯৬/২০২৩ নং গোচৰৰ অভিযোগনামা দাখিল কৰিলে চি বি আইয়ে। অভিযোগনামাত ৪ জন অভিযুক্তৰ নাম উল্লেখ কৰিছে চি বি আইয়ে। উক্ত অভিযুক্তকেইজন ক্ৰমে নুৰ মহম্মদ, আজিজুৰ ৰহমান, মজিবুৰ ৰহমান আৰু ৰিয়াজুল ৰহমান।