ভুৱা ভোটাৰেৰে নিৰ্বাচন জিকাৰ ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মাৰঃ গৌৰৱ গগৈ

Share

অসমত হব লগীয়া SR প্ৰক্ৰিয়াক লৈ তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ। দলীয় কাৰ্যসূচী অংশ ল’বলৈ বুধবাৰে ধুবুৰীত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। লগতে তেওঁৰ সৈতে উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, বিধায়ক ৱাজেদ আলী চৌধুৰী, আব্দুছ ছোবাহান আলী সৰকাৰৰ লগতে একাংশ কংগ্ৰেছী নেতা-কৰ্মী।

ধুবুৰীত উপস্থিত হৈ জিলা কংগ্ৰেছৰ ভৱনৰ আধাৰশিলা স্থাপনৰ পাছতেই এখন সভা সম্বোধন কৰে গৌৰৱ গগৈয়ে। ভাষণত গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উল্লেখ কৰি কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো দুদিন ধৰি নৰ্থ ইষ্ট ফেষ্টিভেল চলি আছিল। নৰ্থ ইষ্ট ফেষ্টিভেল সন্দৰ্ভত আৰ টি আইৰ তথ্য নিদিয়াৰো অভিযোগ তোলে গৌৰৱ গগৈয়ে। ভাৰত চৰকাৰে কাক বচাব বিচাৰিছে বুলি প্ৰশ্ন তুলি গৌৰৱ গগৈয়ে কয় যে ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ দিনত জুবিনৰ ন্যায় নাপায় বুলি অভিযোগ তুলে। আনহাতে ভাষণত গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ বাক্যবাণেৰে থকা-সৰকা কৰা দেখা যায়। গগৈয়ে কয় যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে যেতিয়া ভোটাৰ তালিকা সম্পৰ্কে কিছু নিৰ্দেশনা লৈ অসমলৈ আহিছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মা উৎফুল্লিত হৈ পৰিল। তেওঁ গম পাই গৈছে হিমন্তৰ ডুবি থকা নাওখন মাত্ৰ ভুৱা ভোটাৰ তালিকাৰেহে বচাব পাৰিব। হিমন্ত বিশ্ব শৰ্মাৰ সংকল্প বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি অসমৰ ভোটাৰ তালিকাত সুমুৱাই বিজেপিক ভোট দিয়াব।   

Leave a Reply

Your email address will not be published. Required fields are marked *