কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত দেশৰ প্ৰান্তে প্ৰান্তে চলি আছে ভাৰত জোড়ো যাত্ৰা ৷ শেহতীয়াকৈ পাঞ্জাৱত কংগ্ৰেছ দলটোৱে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰাহুল গান্ধীয়ে মঙ্গলবাৰে পাঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত আশীষ গ্ৰহণ কৰে ৷ ৰাহুল গান্ধীয়ে তেখেতৰ টুইটাৰ একাউন্টৰ জৰিয়তে মন্দিৰ দৰ্শনৰ ফটো টুইট কৰে আৰু দেশৰ হিতাৰ্থে সেৱা জনায় ৷ এই যাত্ৰাত ৰাহুল গান্ধীয়ে পাঞ্জাৱৰ বিভিন্ন প্ৰান্তত অংশগ্ৰহণ কৰিব আৰু লগতে অহা ১৩ জানুৱাৰী শুক্ৰ বাৰে পাঞ্জাৱৰ লহৰি উৎসৱত অংশ গ্ৰহণ কৰিব ৷
জানিবপৰা মতে পাঞ্জাৱত ভাৰত জোড়ো যাত্ৰা আঠ দিনৰ ভিতৰত সমাপ্ত কৰি জন্মু আৰু কাশ্মীৰ পাবগৈ ৷