কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এৰিলে ৱায়নাড লোকসভা সমষ্টি

Share
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এৰিলে ৱায়ানাড লোকসভা সমষ্টি। ৱায়নাডক বিদায় দি ৰায়বৰেলীৰ পৰা প্ৰতিনিধিত্ব কৰাৰ কথা সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ইয়াৰ পাছতেই ৱায়নাড সমষ্টিটোত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন। ৱায়ানাড লোকসভা সমষ্টি পৰা এইবাৰ উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰিয়ংকা গান্ধী। মল্লিকাৰ্জুন খাৰ্গেই সোমবাৰে সদৰী কৰে এই কথা। সোমবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দলটোৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত আলোচনাত মিলিত হোৱাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ৰাহুল গান্ধীয়ে এইবাৰ লোকসভা নিৰ্বাচনত দুটাকৈ সমষ্টিত জয়লাভ কৰিছিল। কেৰেলাৰ ৱায়নাড সমষ্টিত ৰাহুল গান্ধীয়ে ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ প্ৰাৰ্থী এনী ৰাজাক ৩,৬৪,৪২২টা ভোটৰ ব্যৱধানত ৬,৪৭,৪৪৫টা ভোটেৰে পৰাস্ত কৰিছিল। আনহাতে ৰায়বৰেলী সমষ্টিত ৬,৮৭,৬৪৯টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ৰাহুল গান্ধীয়ে। বিজেপিৰ প্ৰাৰ্থী দীনেশ প্ৰতাপ সিঙক ৩,৯০,০৩০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি ৰায়বৰেলী সমষ্টিটোত জয়ী হৈছিল ৰাহুল গান্ধী।

Leave a Reply

Your email address will not be published. Required fields are marked *