ছাদ্দাম হুছেইন, ৫ অক্টোৱৰঃ বিগত কেইদিন মানৰে পৰা ৰাজ্যত অব্যাহত আছে শ্বেৰমান বিতৰ্ক নামৰ এই বিষয়টি। গৰুখুটি উচ্চেদ অভিযানক লৈ বিধায়ক শ্বেৰমানে শ্বহীদক লৈ কৰিছিল বিভিন্ন অপমানসুচক মন্তব্য।
বিধায়ক গৰাকীৰ এই কাৰ্যক ৰাজ্যৰ সকলো দল-সংগঠনে একেমুখে ধিক্কাৰ জনাই ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া।
যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰাক্তন সভাপতি ৰিপুন বৰাক কটাক্ষ কৰি কয় যে শ্বেৰমান আলীয়ে পুৰ্বতেও দলৰ এগৰাকী বিধায়ক হৈ বহু ভুল কৰিছিল, পুৰ্বৰ কমিটিয়ে শ্বেৰমানৰ বিৰুদ্ধে কোনোধৰনৰ পদক্ষেপ লোৱা নাই। কিন্তু বৰ্তমান কংগ্ৰেছ দলৰ কোনো নেতা-কৰ্মীয়ে শ্বহীদক লৈ অপমানসুচক মন্তব্য কৰিলে সেয়া সহ্য কৰা নহব আৰু তাৰ বিৰুদ্ধে শাস্তিমুলক পদক্ষেপ লোৱা হব।
ইফালে প্ৰদেশ কংগ্ৰেছৰ এই সিদ্ধান্তক অথবা শ্বেৰমানক বহিষ্কাৰ কৰা কাৰ্য্যক ৰাজ্যি্ক বিজেপিয়ে তীব্ৰ সমালোচনা কৰে। বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছৰ এই সিদ্ধান্তক নাটক আখ্যা দিয়ে।