ভাৰতক দ্বিখণ্ডিত কৰিছে কংগ্ৰেছে, ৰাহুল গান্ধীয়ে “ভাৰত জোড়ো যাত্ৰা” পাকিস্তানত কৰকঃ মুখ্যমন্ত্ৰী

Share

ডিজিটেল ডেস্কঃ আজিৰ পৰা কংগ্ৰেছে দেশজুৰি আৰম্ভ কৰিব “ভাৰত জোড়ো যাত্ৰা”। এই যাত্ৰাক নেতৃত্ব প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। বিজেপিৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত কৰিবলৈ আৰম্ভ কৰিছে এই যাত্ৰা। ৰাহুল গান্ধীৰ এই যাত্ৰাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় য়ে ৰাহুল গান্ধীয়ে “ভাৰত জোড়ো যাত্ৰা” পাকিস্তানত হে কৰিব লাগে। ভাৰত সদায় একত্ৰিত হৈ আছে। ভাৰতক দ্বিখণ্ডিত কৰিছে কংগ্ৰেছে।

যি কংগ্ৰেছে ভাৰত দ্বিখণ্ডিত কৰিছে সেই কংগ্ৰেছে ভাৰত কি জোৰা লগাব। যদি ৰাহুল গান্ধীয়ে প্ৰকৃতাৰ্থত ভাৰত লগাব বিচাৰিছে তেন্তে এই অভিযান পাকিস্তানৰ পৰা চলাওক।

উল্লখ্য য়ে ৰাহুল গান্ধীক এই যাত্ৰাত সংগ দিব কংগ্ৰেছৰ জেষ্ঠ নেতা সকলে। এই যাত্ৰা আৰম্ভ হ’ব কন্যাকুমাৰীৰ পৰা আৰু শেষ হ’ব কাশ্মীৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *