ৰেডিঅ’ ব্ৰহ্মপুত্ৰ’ ৰ দ্বাৰা ‘ৰেডিঅ’ পঢ়াশালি’ অনুষ্ঠানৰ আৰম্ভণি

Share

অনালি শৰ্মা

ডিব্ৰুগড় ৪ আগষ্ট : উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সামূহিক ৰেডিঅ’ কেন্দ্ৰ ‘ৰেডিঅ’ ব্ৰহ্মপুত্ৰ’ ৰ সহায়ত চাহ বাগিচা , চাপৰিকে ধৰি গাঁও অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক সামৰি ৰেডিঅ’ ভিত্তিক এটা পাঠদান কাৰ্য্যসূচী হাতত লৈছে । এই অনুষ্ঠান যোৱা ২ আগষ্টৰ পৰা ৰেডিঅ’ ব্ৰহ্মপুত্ৰৰ ফ্ৰিকুৱেন্সী ৯০.৪ এফ এম যোগে সম্প্ৰচাৰিত হৈছে । ‘ৰেডিঅ’ পঢ়াশালি’ নামৰ এই কাৰ্যসূচীৰ যোগেদি ডিব্ৰুগড়, ধেমাজি, শিৱসাগৰ , তিনিচুকীয়া , যোৰহাট, গোলাঘাটৰ লগতে নামনি অসমৰ বিভিন্ন চাহ- বাগিচা তথা চৰ-চাপৰি গাঁও অঞ্চলৰ শিক্ষাৰ্থী সকলক সামৰি লোৱা হৈছে । এই কাৰ্যসূচী প্ৰতি সপ্তাহৰ সোমবাৰৰ পৰা শুক্ৰবাৰলৈ পুৱা ১০ বজাত সম্প্ৰচাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । উক্ত অনুষ্ঠানৰ যোগেদি ততীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অসমীয়া, অংক , ইংৰাজী , সমাজ বিজ্ঞান , বিজ্ঞানৰ লগতে পৰিবেশ বিজ্ঞানৰ বিষয় সমূহৰ পাঠ সমূহ আগবঢ়োৱাৰ আঁচনি লোৱা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *